বটদ্ৰৱা থানত মুৰ দোৱাই গুৰুজনাৰ আশীষ ল’লে লুৰীণ জ্যোতি গগৈয়ে≈≈শাসনত বহিলে বটদ্ৰৱাৰ বেদখলকৃত ভূমি উচ্ছেদ কৰিব অসম জাতীয় পৰিষদে
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৭ জানুৱাৰীঃ বিধান সভা নিৰ্বাচনলৈ মাজত মাত্র আৰু কেইটামান মাহ বাকী থকাৰ অৱস্থাত এতিয়া বটদ্ৰৱা থানলৈ দিনে-নিশাই আগমন ঘটিছে ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতা-পালিনেতাৰ । সকলোৰে লক্ষ্য গুৰুজনাৰ আশীষ লৈ নিৰ্বাচনী বিতৰণী পাৰ হোৱা। ইয়াৰ ব্যতিক্ৰম নহ’ল শাসনাধিষ্ঠিত বিজেপিক উৎখাতৰ লক্ষ্যৰে শেহতীয়াভাবে গঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদ দলো ৷ কিয়নো বৃহস্পতিবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হৈ গুৰুজনাৰ আশীষ গ্ৰহণ কৰে নৱ গঠিত এই আঞ্চলিক দলটোৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে। গুৰুজনাৰ আশীষ গ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে কয়--"মহাপুৰুষ গুৰুজনাৰ দৰ্শন আৰু আদৰ্শক সৰোগত কৰি আমি অনাগত দিন আগবাঢ়ি যাব লাগিব । বটদ্ৰৱা থানলৈ বিভিন্ন সময়ত চৰকাৰে ধন আবণ্টন দিয়ে যদিও এই ক্ষেত্ৰত এটা দুষ্ট চক্রই দুৰ্নীতি সংঘটিত কৰি অহা বিষয়টো সচাঁকৈয়ে দুৰ্ভাগ্যজনক।" প্ৰভাৱশালী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সভ্যতাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ লগতে কয় যে--অসমত দুটা সভ্যতাৰ যুঁজ হব ৷ এটা হ’ল যিয়ে বিদেশীক ৰক্ষণাবেক্ষণ দি সাম্প্রতিকতাৰ বিষবাষ্প বিয়পাইছে ৷ সেই সভ্যতাৰ লগত যুঁজ হ’ব বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ত গঢ় লৈ উঠা ৰাজনৈতিক দলৰ। লগতে ৰাষ্ট্ৰীয় সাম্প্রদায়িক ৰাজনৈতিক শক্তিৰ লগত অসম জাতীয় পৰিষদ কেতিয়াও চামিল নহয় বুলি স্থিতি স্পষ্ট কৰি তেওঁ সেই বাবে বিজেপি আৰু এ আই ইউ ডি এফে চামিল হৈ দুখনকৈ জিলা পৰিষদ চলাই আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ বটদ্ৰৱাৰ ভূমি বেদখল সন্দৰ্ভত বটদ্ৰৱা থানৰ ৯৫৯ বিঘা মাটি এতিয়াও বেদখলৰ কৱলত আছে বুলি উল্লেখ কৰি অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে তেওঁলোকৰ দলৰ চৰকাৰ গঠন হ’লে বটদ্ৰৱাৰ বেদখলকৃত ভূমি উচ্ছেদ কৰিব বুলি দৃঢ়তাৰে ঘোষণা কৰে ৷
Comments
Post a Comment