ভৱানীপুৰত তৃতীয় সংখ্যক পহুমাৰা মহোৎসৱৰ লাইখুঁটা স্থাপন

বৃহত্তৰ ভৱানীপুৰীয়া ৰাইজৰ উদ্যোগত ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত সাদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হ'বলগীয়া তৃতীয় সংখ্যক পহুমাৰা মহোৎসৱৰ আজি লাইখুঁটা স্থাপন কৰে। লাইখুঁটা স্থাপন কৰে কবি, সাহিত্যক তথা ভৱানীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰগয়াৰীয়ে। তৃতীয় সংখ্যক পহুমাৰা মহোৎসৱ আয়োজক সমিতিৰ মুখ্য সম্পাদক ধ্ৰুৱজ্যোতি ডেকাই আঁত ধৰা আজিৰ এই অনুষ্ঠানটোত উপস্থিত থাকে ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ অজিৎ চৌধুৰী, ভৱানীপুৰ বালিকা মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক সুনীল তালুকদাৰ, ভৱানীপুৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক বাবুল ডেকা, ভৱানীপুৰ স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ তাৰিফ হুছেইন, মহোৎসৱভাগিৰ আয়োজক সমিতিৰ বহুকেইজন বিষয়ববীয়াকে ধৰি অৰ্দ্ধশতাধিক ৰাইজ। অনুষ্ঠানটোৰ শেষৰপিনে শলাগৰ শৰাই আগবঢ়ায় তৃতীয় সংখ্যক পহুমাৰা মহোৎসৱৰ আয়োজক সমিতিৰ সভাপতি পুলকানন্দ তালুকদাৰে। উল্লেখ্য যে, আগন্তুক ২৫ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ ভৱানীপুৰত সাদিনীয়া বাৰে বৰণীয়া অনুষ্ঠানেৰে অনুষ্ঠিত হ'ব তৃতীয় সংখ্যক পহুমাৰা মহোৎসৱ।

বজালীৰ পৰা সঞ্জীৱ দাস

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা