বৰমণিপুৰৰ দ্বৈত বেডমিণ্টনত নেকিবুৰ-চিৰুমণি চেম্পিয়ন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৭ জানুৱাৰীঃ দেশৰ ৭২ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে নগাঁও-মৰিগাঁও জিলাৰ সীমামূৰীয়া দলংঘাট বৰমণিপুৰত অৱস্থিত ষষ্ঠদশ অসম আৰক্ষী বাহিনী(আই.আৰ)ৰ চাউনীত আয়োজিত দ্বৈত বেডমিণ্টন(পুৰুষ) প্ৰতিযোগিতাত নেকিবুৰ ৰহমান ছিদ্দিকী আৰু চিৰুমণি হাজৰিকাৰ যুটী চূড়ান্ত বিজয়ী হৈছে । ফাইনেলত নেকিবুৰ-চিৰুমণিৰ যুটীয়ে মৃত্যুঞ্জয় দেৱৰয় আৰু পৰীক্ষিত ডেকাৰজাৰ যুটীক ২-০ চেটত পৰাজিত কৰে । মুঠ ১৬টা দলে যোগদান কৰা প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত হোৱা সামৰণি অনূষ্ঠানত ষষ্ঠদশ অসম আৰক্ষী বাহিনীৰ উপ-অধিনায়কদ্বয় কমল ফুকন আৰু জ্যোতিপ্ৰসাদ দাস, জ্যেষ্ঠ বিষয়া নিত্যগোপাল মজুমদাৰ আৰু ৰঞ্জিত নেওগ আদিয়ে বিভিন্ন বঁটাসমূহ বিতৰণ কৰে

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা