বঙাইগাঁৱত চেম্বাৰ অৱ কমাৰ্চৰ সাধাৰণ সভা

প্ৰমাণ পত্ৰ বিতৰণ 

বঙাইগাঁওঃ৩১ জানুৱাৰীঃ বৃহত্তৰ বঙাইগাঁও চেম্বাৰ অৱ কমাৰ্চৰ প্ৰথম বাৰ্ষিক সাধাৰণ সভাখন আজি দিনজোৰা কাৰ্যসূচীৰে হোটেল জাহ্নৱীত অনুষ্ঠিত হৈ যায় ৷ পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ হোৱাৰ পিছতে আৰম্ভ হয় সাধাৰণ সভা ৷ বৃহত্তৰ বঙাইগাঁও চেম্বাৰ অৱ কমাৰ্চৰ সভাপতি নিৰ্মল কুমাৰ বৈদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত  বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষীপ্ৰিয়া , বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱাল , বঙাইগাঁও জিলা পৰিষদৰ সভাপতি বিজয় সিংহ আৰু ভাৰতীয় ষ্টেট বেংকৰ বঙাইগাঁও শাখাৰ জ্যেষ্ঠ প্ৰৱন্ধক গুৰুপদ হালদাৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিভিন্ন পৰামৰ্শ আগবঢ়ায় ৷ তদুপৰি সভাত বৃহত্তৰ বঙাইগাঁও চেম্বাৰ অৱ কমাৰ্চৰ উপদেষ্টাদ্বয় ক্ৰমে ডাঃ এচ কে দাস আৰু সুব্ৰত ঘোষেও নিজৰ বক্তব্যৰ যোগেদি বিভিন্ন পৰামৰ্শ আগবঢ়ায় ৷সভাত চেম্বাৰ অৱ কমাৰ্চৰ সাংগঠনিক দিশৰ ওপৰত বক্তব্য আগবঢ়ায় সংগঠনটোৰ সাধাৰন সম্পাদক ধীৰাজ চক্ৰৱৰ্তীয়ে ৷ সভাত বৃহত্তৰ বঙাইগাঁও চেম্বাৰ অৱ কমাৰ্চৰ সদস্যসকলৰ মাজত প্ৰমাণ পত্ৰও বিতৰণ কৰা হয় ৷ সভাত প্ৰায় দুই শতাধিক সদস্যক এই প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়৷

প্ৰণৱ কুমাৰ ডেকা 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা