৪৫ দিনৰ ভিতৰত* *নেহা বিলদাৰছ ৰিয়েল ইষ্টেট ডেভেলপাৰ্চক ৫ লাখ ১০ হাজাৰ টকা ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ কামৰূপ গ্ৰাহক আদালতৰ
গুৱাহাটী, ৮ জানুৱাৰী: কামৰূপ গ্ৰাহক আদালতে গুৱাহাটীৰ ভি.আই. পি. ৰোডৰ বালি এনক্লেভৰ আবাসীসকলক ৫ লাখ ১০ হাজাৰ টকাকৈ ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ দিছে গুৱাহাটীৰ বেলতলা বশিষ্ঠ পথৰ নেহা বিলদাৰছ ৰিয়েল ইষ্টেট ডেভেলপাৰ্চক। চুক্তি অনুসৰি সেৱা প্ৰদানত ব্যৰ্থ হোৱাৰ অভিযোগত অভিযুক্ত কৰি আগন্তুক ৪৫ দিনৰ ভিতৰত অভিযোগকাৰীক এই ক্ষতিপূৰণৰ ধন আদায় দিবলৈয়ো নিৰ্দেশ দিয়ে গ্ৰাহক আদালতে। বালি এনক্লেভৰ ১২টা ফ্লেটৰ আবাসীসকলৰ হৈ প্ৰবীণ কুমাৰ দাসে নেহা বিলদাৰছৰ বিৰুদ্ধে কনজিউমাৰচ লিগেল প্ৰটেকশ্যন ফৰামৰ ওচৰত অভিযোগ দাখিল কৰিছিল। অভিযোগ অনুসৰি সকলো ধৰণৰ ধন আদায় দিয়াৰ পিছতো নেহা বিলদাৰছে আবাসীসকলক অধিকাংশ সা সুবিধাসমূহৰ পৰা বঞ্চিত কৰি ৰাখিছে। ২০১৩ চনতে এই ১২ জন আবাসীয়ে বালি এনক্লেভত ফ্লেট ক্ৰয় কৰি বাস কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু বিলদাৰছে প্ৰতিশ্ৰুতি আৰু বিজ্ঞাপনত উল্লেখ কৰা অনুসৰি সা সুবিধা সমূহ দিবলৈ অপাৰগ হয়। আনকি সম্পূৰ্ণ বৈদ্যুতিক সংযোগ, আর্থিঙ, সুৰক্ষা কৰ্মী নিয়োগ, যান বাহনৰ পাৰ্কিং, অনাময়, অগ্নি নিৰ্বাপন ব্যৱস্থা, উপযুক্ত লিফ্ট স্থাপন, দখলৰ প্ৰমাণ পত্ৰ আদিও বিলদাৰছে নিদিলে। বাৰম্বাৰ যোগাযোগ কৰাৰ পিছতো বিলদাৰছে এই ক্ষেত্ৰত নূন্যতম গুৰুত্ব নিদিয়াত বালি এনক্লেভৰ আবাসীসকলে অভাৱনীয় দুৰ্ভোগ আৰু হাৰাশাস্তিৰ সন্মুখীন হবলগীয়া হয়। বালি এনক্লেভৰ এই ১২ গৰাকী আবাসীৰ যৌথ অভিযোগৰ ভিত্তিত কনজিউমাৰচ লিগেল প্ৰটেকশ্যন ফৰামে ২০১৭ চনত কামৰূপ গ্ৰাহক আদালতত গ্ৰাহক সুৰক্ষা আইন, ১৯৮৬ ৰ আইনৰ ১৪ (দি) অনুচ্ছেদৰ অধীনত ২৬/২০১৭ নম্বৰত গোচৰ ৰুজু কৰে। কনজিউমাৰচ লিগেল প্ৰটেকশ্যন ফৰামৰ হৈ অধিবক্তা অজয় হাজৰিকা আৰু অধিবক্তা সুভাষ মোহন শৰ্মাই দীৰ্ঘদিন ধৰি গ্ৰাহক আদালতত বালি এনক্লেভৰ বাসিন্দা সকলৰ হৈ আইনী যুজঁ দিয়ে। বাৰম্বাৰ জাননী দিয়াৰ পিছতো নেহা বিলদাৰছ ৰিয়েল ইষ্টেট ডেভেলপাৰ্চে গ্ৰাহক আদালতত উপস্থিত হোৱাৰ পৰা বিৰত থাকে। অৱশেষত চলিত বৰ্ষৰ 5 জানুৱাৰীত কামৰূপ গ্ৰাহক আদালতে ৰায়দান দি নেহা বিলদাৰছক
চুক্তি অনুসৰি সেৱা প্ৰদানত ব্যৰ্থ হোৱাৰ অভিযোগত
অভিযোগত অভিযুক্ত কৰি বালি এনক্লেভৰ 12 জন আবাসীক ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ দিয়ে।
Comments
Post a Comment