বেবেজীয়া পালনাম থানতলেখিকা জ্যোতিকা মনি দাসৰ তিনিখন গ্ৰন্থ উন্মোচন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩০ জানুৱাৰীঃ  নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আৰু একশৰণ ভাগৱতী সমাজ, অসমৰ সহযোগত শুকুৰবাৰে একশৰণ ভাগৱতী সমাজৰ মুখ্য কাৰ্যালয় বেবেজীয়া পালনাম থানৰ স্থায়ী মঞ্চত জিলা সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত লেখিকা  জ্যোতিকা মনি দাসৰ তিনিখন গ্ৰ্ন্থ ক্ৰমে  "আতাপুৰুষ ধনীৰাম দাসৰ জীৱন পৰিক্ৰমা",  "বৈকুণ্ঠ দূতয়" আৰু প্ৰবন্ধ সংকলন "ৰামধেনু" উন্মোচন কৰা হয় । ৰাজ্যিক শিল্পী পেঞ্চনাৰ  পৰাণ কুমাৰ দাসৰ সুললিত বাঁহীৰ সুৰে আপ্লুত কৰা উন্মোচনী সভাত গ্ৰন্থ কেইখন উন্মোচন কৰে একশৰণ ভাগৱতী সমাজৰ উপাচাৰ্য অনুৰাম দাস, নগাঁও জিলা সাহিত্য সভা সভাপতি পৰান কুমাৰ বৰুৱা আৰু অসম সাহিত্য সভাৰ মাতৃভাষা প্ৰয়োগ সমিতিৰ আহ্বায়ক শ্ৰী যুত ভৱেশ মেধিয়ে । সভাৰ আৰম্ভণিতে শিল্পী সাৱিত্ৰী দাসে বৰগীত পৰিবেশন কৰে ৷ জিলা সাহিত্য সভাৰ উপ-সভাপতি থগিত চন্দ্ৰ মহন্তই পৰিচালনা কৰা আৰু সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই আঁত ধৰা সভাখনত লেখিকা গৰাকীৰ পৰিয়ালৰ হৈ আদৰণি ভাষন আগবঢ়াই প্ৰাক্তন মন্ত্ৰী বুবুল দাসে । গল্পকাৰ শিৱানন্দ কাকতি আৰু জিলাৰ প্ৰাক্তন সভাপতি শ্ৰী যুত ৰতিমোহন নাথ বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰা গাম্ভীৰ্যপূৰ্ণ সভাখনিত একশৰণ ভাগৱতী সমাজৰ নগাঁও জিলা সমিতিৰ সভাপতি ভুৱনেশ্বৰ দাস, সম্পাদক পুস্পেন্দ্ৰ নাথ দাসৰ লগতে একশৰণ ভাগৱতী সমাজৰ নামাচাৰ্য বালি আতা, জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক দিপিকা নাথ, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় আকাশ উপ-সমিতিৰ আহ্বায়ক স্বপ্না কলিতা, জিলা কাৰ্যনিৰ্বাহক সদস্য গজেন বৰা, ৰজত বৰা, দীপ্তি বৰা, প্ৰতিভা দেৱী, স্মৃতা কলিতা, ৰাতুল শৰ্মা, জেউতি হাজৰিকা, মীনা বৰা, জয়ন্তী বৰা, দীপা পণ্ডিত, নীৰলা শইকীয়া দাস, কাৰুণ্য ভট্টাচাৰ্য, অমিয়া গোস্বামী, দেৱযানী পাঠক শৰ্মা, কাবেৰী মহন্ত, জানেমাই বৰদলৈ, সাংবাদিক বুকুতলন চন্দ্ৰ নাথৰ উপৰি লেখিকা গৰাকীৰ পৰিয়ালৰ সহিতে কেবাশতাধিক লোক  উপস্থিত থাকে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা