বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত ছহিদ দিৱস পালন

বঙাইগাঁওঃ ৩০ জানুৱাৰীঃ আজি সমগ্ৰ  দেশৰ লগতে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়তো ছহিদ দিৱস পালন কৰা হয় । এই উপলক্ষে কাৰ্যালয়টোৰ সমূহ বিষয়া - কৰ্মচাৰীসকলে একেলগে  সমবেত হৈ পুৱা ১১ বজাৰ পৰা  ১১.০২ বজালৈ ২ মিনিট সময় মৌনতা অৱলম্বন কৰি জাতিৰ পিতা মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জনাই ছহিদ দিৱস পালন কৰে। উল্লেখ্য যে  জাতিৰ পিতা মহাত্মা গান্ধীলৈ সশ্ৰদ্ধ প্ৰণিপাত জনোৱাৰ উদ্দেশ্যৰে এই ছহিদ দিৱস পালন কৰা হয় । ছহিদ দিৱসৰ মৌনতা অবলম্বন কৰাৰ পূৰ্বে  অৰ্থাৎ ১০.৫৯ মিনিটত এক সংকেত বজোৱা হয় আৰু ১১ বজাৰ পৰা  ১১.০২ মিনিটলৈ ছহিদ দিৱসৰ মৌনতা পালন কৰা হয় । মৌনতা কাৰ্যসূচী পালনৰ পিছতে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত উপায়ুক্ত ডাঃ এম এছ লক্ষীপ্ৰিয়াৰ লগতে অতিৰিক্ত উপায়ুক্ত সকল আৰু কাৰ্যলয়টোৰ আন আন বিষয়া কৰ্মচাৰী সকলে পুস্পাঘ্য অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপায়ুক্তগৰাকীয়ে নিজৰ ভাষণত মহামানৱ মহাত্মা গান্ধীৰ কৰ্ম জীৱনৰ ওপৰত দুআষাৰ বক্তব্য ৰাখি উপস্থিত সকলোকে তেওঁৰ আদৰ্শ আৰু নীতি পালন কৰি চলিবলৈ আহ্বান জনায় ৷ ইপিনে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তো ছহিদ দিৱস পালন কৰা হয় ৷ 


প্ৰণৱ কুমাৰ ডেকা
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা