অনলাইন জ্যোতি সংগীত প্ৰতিযোগিতাৰ ফলাফল

সঞ্জীৱ দাস, বজালী, ১৯ জানুৱাৰীঃ 'হৃদয়' মাহেকীয়া আলোচনীয়ে শিল্পী দিৱস উপলক্ষে আয়োজন কৰা অনলাইন জ্যোতি সংগীত প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰিছে। ফলাফল অনুযায়ী কৌশিক হাজৰিকা, দিক্ষীতা ৰাজবংশী আৰু দক্ষতা শ্ৰাৱৰ্ণক শ্ৰেষ্ঠ বুলি নিৰ্বাচিত কৰিছে বিচাৰকে। উল্লেখ্য যে, প্ৰতিযোগীসকলে নিজে গায় থকাৰ ভিডিঅ' হোৱাটছ্এপযোগে প্ৰেৰণ কৰাৰ পাচতেই ভিডিঅসমূহ 'হৃদয়'ৰ ইউটিউব চেনেল MPH Media -ত আপলোড কৰা হৈছিল। ভিডিঅসমূহত যোৱা ১৫ জানুৱাৰীৰ ৮ বজাৰ ভিতৰত অহা ইউটিউবৰ ভিউৱাৰ্চৰ পৰা ৫০% আৰু বিচাৰকে প্ৰদান কৰা নম্বৰৰ ৫০% শতাংশৰ ভিত্তিত বিজয়ী ঘোষণা কৰা হয়। 
বিজয়ী প্ৰাৰ্থী তিনিগৰাকীক মানপত্ৰৰ লগতে কিতাপৰ টোপোলা পুৰষ্কাৰ হিচাপে ডাকযোগে প্ৰেৰণ কৰা হ'ব বুলি জনাইছে 'হৃদয়'ৰ সম্পাদক চফিখুৰ ৰহমানে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা