কামৰূপ আৰক্ষীৰ দ্বাৰা আটক চিলনী চোৰৰ গেংগ

পঙ্কজ নাথ, চাংসাৰি, ২২ জানুৱাৰী :

কামৰূপ আৰক্ষী অধীক্ষকৰ দায়িত্ব লৈয়ে অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে দিলে চমক । মহানগৰীৰ বৃহৎ চিলনী চোৰৰ বৃহৎ গেঙ উৎসাৎ কৰি অপৰাধীৰ বিৰুদ্ধে ঘোষণা কৰিলে জেহাদ । ছয় চিলনী চোৰক আটক কৰাৰ লগতে সেই গেংটোৰ পৰা নগদ ধন , ভুৱা পৰিচয় পত্ৰ, সোনৰ চেইন, বান্দৰ কেকোৱা , জলকীয়া গুৰিৰ টোপোলা আদি উদ্ধাৰ কৰিলে কামৰূপ আৰক্ষীয়ে । গোপন অনুসন্ধানেৰে কামৰূপ আৰক্ষীয়ে  গুৱাহাটী কামাখ্যা গেটত জোৰদাৰ অভিযান চলাই এই সফলতা লাভ কৰে । কামাখ্যা মন্দিৰৰ সমীপৰ বাবা ধামৰ সমীপৰ লজত ছয় চিলনী চোৰে বাহৰ পাতি দিন দোপৰতে চিনেমাৰ কাইদাৰে চলাই গৈছিল চুৰি অভিযান । আজি গুৱাহাটী কাইলৈ উত্তৰ গুৱাহাটী স্থান সলাই ৰাজপথৰ জনতাৰ চেইন মোবাই কাঢ়ি চলাই গৈছিল আতঙ্ক । লোভনীয় সোনৰ চেইন দেখিলেই পিছ লোৱা ছয় চিলনী চোৰ অবশেষত  পৰিল ফান্দত । কামৰূপ আৰক্ষীৰ বৃহৎ দলে কামাখ্যা মন্দিৰৰ বিশেষ ল'জৰ পৰা চিলনী চোৰৰ গেঙটোক আটক কৰি এতিয়া আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত । সেয়েহে তদন্তৰ খাতিৰত আৰক্ষীয়ে এই গেঙৰ সবিশেষ সাংবাদিকৰ আগত প্ৰকাশৰ পৰা এতিয়া বিৰত আছে যদিও পিছলৈ ইয়াৰ সবিশেষ জানিবলৈ দিব বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।

কামৰূপ ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা