মৰনৈত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাহ জোৰা চকু পৰীক্ষণ শিবিৰৰ সফল সামৰণি
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান,গোৱালপাৰাৰ সৌজন্যত তথা মৰনৈ ব্লক পিএইচচিৰ উদ্যোগত ৩ ডিচেম্বৰৰ পৰা চলি থকা মাহ জোৰা বিদ্যালয়ৰ শিক্ষাৰ্থীৰ চকু পৰীক্ষণ অভিযানৰ আজি সফল সামৰণি পৰে ৷ এই উপলক্ষে আজি ভেলাখামাৰ ছোৱালী মজলীয়া বিদ্যালয়ত এক চশমা বিতৰণী অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ অনুষ্ঠানত উপস্থিত থকা স্বাস্থ্য বিষয়া ডা° চফিকুল ইছলামে জনোৱা মতে,আই স্ক্ৰীণিং কেম্প অন দ্য অকাচন অব ইন্টাৰনেশ্যনেল ডে অব পাৰ্চন উইথ ডিচএবিলিটী শীৰ্ষক এই চকু পৰীক্ষণ অভিযানত মুঠ ৩২ খন বিদ্যালয়ৰ ৬১৪১ ছাত্ৰ ছাত্ৰীক সামৰি লোৱা হয় ৷ ইয়াৰ মাজত ৯৭ গৰাকী ছাত্ৰ ছাত্ৰীৰ চকুৰ দৃষ্টিগত সমস্যা ধৰা পৰে ৷ এই সকল ছাত্ৰ ছাত্ৰীক ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান,গোৱালপাৰাৰ তৰফৰ পৰা বিনামূলীয়া চশমা বিতৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ তাৰে ভিতৰত আজি ভেলাখামাৰ এম ভি স্কুলত আয়োজন কৰা অনুষ্ঠানত মুঠ ১২ গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত আনুষ্ঠানিক ভাৱে চশমা বিতৰণ কৰা হয় ৷ ইয়াৰ মাজত আছে হাবৰাঘাট কিল্লাঝাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ ৭ গৰাকী আৰু ভেলাখামাৰ ছোৱালী মজলীয়া বিদ্যালয়ৰ ৫ গৰাকী ছাত্ৰ ছাত্ৰী ৷ এই চশমা বিতৰণী অনুষ্ঠানত
স্বাস্থ্য বিষয়া ডা° চফিকুল ইছলামৰ উপৰি উপস্থিত থাকে মাটিয়া ৰাজহ চক্ৰ বিষয়া ৰুনাল নাথ,মৰনৈৰ এছডিএমএইচঅ ডা° চাজিদা বেগম,ব্লক কোঅৰ্ডিনেটৰ ৰৱীন চন্দ্ৰ দে আৰু অপথালনিক এছিটেন্ট ফুকন চন্দ্ৰ দেৱ শৰ্মা ৷
কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,First News Report
Comments
Post a Comment