কিশ্মা ভেঞ্চাৰ, অসমৰ 'মন পখিলা – এগৰাকী মহিলাৰ সপোন'ৰ দ্বিতীয় চিজন ঘোষণা




ষ্টাফৰিপোৰ্টাৰ, ২৫ জানুৱাৰী : কিশ্মা ভেঞ্চাৰ অসমৰ এক সামাজিক উদ্যোগ ষ্টাৰ্টআপে "মন পখিলা-এগৰাকী মহিলাৰ  সপোন" শীৰ্ষক অনুষ্ঠানটোৰ চিজন ২ সোমবাৰে গুৱাহাটী প্ৰেছক্লাৱত ঘোষণা কৰে। যিসকল বিবাহিত মহিলাই তেওঁলোকৰ সাংস্কৃতিক আৰু সৃষ্টিশীল প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ কোনো সমৰ্থন লাভ নকৰে তেওঁলোকক এই অনুষ্ঠানটোৱে প্ৰতিভা প্ৰদৰ্শনৰ এক মঞ্চ প্ৰদান কৰে।  এই  অনুষ্ঠানৰ ধাৰণাটোৱে মুখ্যতঃ সেই মধ্যবিত্ত মহিলাসকলৰ ওপৰত গুৰুত্ব দিয়ে, যিসকল প্ৰতিভাশালী আৰু শিক্ষিত কিন্তু তেওঁলোকৰ বেছিভাগেই ব্যক্তিগত আৰু পাৰিবাৰিক কাৰণৰ বাবে নিজৰ পৰিচয় হেৰুৱাইছে। মন পখিলাই তেওঁলোকৰ এই ৰূপান্তৰৰ পৰিক্ৰমা প্ৰতিভা, ব্যক্তিত্ব, নেতৃত্ব, আভ্যন্তৰীণ বিকাশ আৰু জীৱনসংগীৰ সৈতে পৰামৰ্শমূলক  আলোচনাসহ এক বৃহৎ কভাৰেজসহ অধিক প্ৰভাৱশালী কৰি তোলে।  মন পখিলাৰ ৱেবছাইট  www.kishmaventure.com ত অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া উপলব্ধ  আৰু ইচ্ছুক অংশগ্ৰহণকাৰী সকলে অডিচনৰ দিনা ৫ আৰু ৬ ফেব্ৰুৱাৰীত দিনৰ ১২:৩০ বজাৰ পৰা বিয়লি ৪ বজালৈকে এন.একছ.টি জিম,এ.বি.চি.,গুৱাহাটীত ঠাইতে পঞ্জীয়ন কৰাব পাৰিব। অডিচনৰ বিচাৰকমণ্ডলী ৰূপে থাকিব  প্ৰিয়াংকু বৰদলৈ -চেচন সংগীতজ্ঞ আৰু প্ৰযোজক,  অভিনেতা আৰু পৰিচালক ৰুপক গগৈ-
আৰু  -মন পখিলা মাদৈ তথা মন পখিলা ভলিউম ১ থিম সংগীতৰ মুখ্য গায়িকা
বনশ্ৰী শৰ্মা । এই উপলক্ষে প্ৰতিষ্ঠাপিকা মালবিকা শইকীয়াই কয়, "আমি মন পখিলা-এগৰাকী মহিলাৰ  সপোনৰ দ্বিতীয় চিজন ঘোষণা কৰি সুখী আৰু উৎসাহিত, যোৱা ঋতুত আমি ৩০ ৰো অধিক অংশগ্ৰহণকাৰী লাভ কৰিছিলো। আমি এই ঋতুতো যথেষ্ট ভাল সঁহাৰি আশা কৰি আছো আৰু সেয়েহে আমি আনুষ্ঠানিকভাৱে আমাৰ অনলাইন পঞ্জীয়ন মুকলি কৰিছো আৰু ঠাইতে পঞ্জীয়নৰ তাৰিখ ঘোষণা কৰিছো যি অডিচনৰ দিনা অনুষ্ঠিত হ'ব।"
প্ৰথম চিজন সফলতাৰে পৰিচালনা কৰাৰ পিছত, কিশ্মা ভেঞ্চাৰে ধ্বনি ৰেকৰ্ডৰ  সৈতে যৌথভাৱে ইয়াৰ প্ৰথম বাণিজ্যিক সংগীত এলবাম মন পখিলা ভলিউম ১ মুকলি কৰে। এলবামটোত ২০ মিনিটৰ ট্ৰেকৰ ৪ টা গীত আছে। সকলো গীতৰ লেখিকা আৰু গায়িকা বিবাহিত মহিলা  আৰু তেওঁলোক সকলোৱে সকলো বাধা প্ৰাচীৰ ভাঙি প্ৰথমবাৰৰ বাবে এটা বাণিজ্যিক প্ৰকল্পত কাম কৰিছে।  
কিশ্মা ভেঞ্চাৰে বিশেষজ্ঞৰ দ্বাৰা তেওঁলোকৰ প্ৰতিভা আৰু ব্যক্তিত্ব ৰূপান্তৰ আৰু উন্নত কৰাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰে যি মহিলাসকলৰ আত্মবিশ্বাসৰ স্তৰ গঢ়ি তোলাত সহায় কৰে। বৰ্তমান তেওঁলোকৰ কিছুসংখ্যকে তেওঁলোকৰ নিজস্ব উদ্যোগ প্ৰতিষ্ঠাপানৰ দিশত আগবাঢ়িছে আৰু আান কিছুসংখ্যকে শিল্পী হিচাপে স্বীকৃতি লাভ কৰিছে।  
কিশ্মা ভেঞ্চাৰে ২০২১ চনৰ চূড়ান্ত  প্ৰতিযোগিতাৰ নিৰ্ণায়ক খণ্ড গুৱাহাটীত মে’ মাহৰ দ্বিতীয় সপ্তাহৰ ভিতৰত আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। উল্লেখ্য, সোমবাৰৰ এই মুকলি অনুষ্ঠানত মন পখিলাৰ ব্ৰেণ্ড এম্বেচাদৰ, নন্দিনী আলোচনীৰ সম্পাদক মাইনী মহন্তই কয় 'প্রতি গৰাকী নাৰীৰ মনত একো একোটা পখিলা। নাৰীৰ মাজত অপৰিসীম শক্তি আছে । সমাজখনৰ প্ৰতি আহ্বান যাতে বিবাহৰ পাছতো নাৰী সকলে নিজৰ প্ৰতিভা বিকাশৰ বাবে সুবিধা লাভ কৰাত সহযোগ কৰে।' অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে মন পখিলাৰ উপদেষ্টা প্ৰফুল্ল কুমাৰ শইকীয়া, 
 ৰাজীৱ শইকীয়া, অধ্যাপক, লেখিকা মীনাক্ষী বঢ়াগোহাঁই, মল্লিকা শইকীয়া আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ্য মন পখিলাই দুবছৰ সম্পূৰ্ণ কৰিলে আৰু মন পখিলাৰ ৱেবচাইট
www.kishmaventure.com ৰ লিংক সোমবাৰৰ পৰা অনুষ্ঠানিকভাৱে মুকলি কৰা হয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা