গুৱাহাটীলৈ বৈদ্যুতিক ৰেল চলোৱাৰ প্ৰস্তুতি সম্পন্নঃ বিদ্যুত সংযোগ কাম আৰম্ভ

প্ৰতিবেদক, ৰঙিয়া ১১ জানুৱাৰীঃ ভোগালী বিহুৰ বতৰত অসমবাসীলৈ সুখবৰ কঢ়িয়াই আনিছে উত্তৰ পূৱ সীমান্ত ৰেলৱে। ইতিমধ্যে গুৱাহাটী স্টেচনলৈ ৰেল বৈদ্যুতিকৰণৰ কাম সম্পূৰ্ণ  হোৱাৰ পিছত কাইলৰ  পৰা যিকোনো মুহূৰ্তত বিদ্যুত সংযোগ কৰাৰ বাবে অপেক্ষাৰত ৰেল কৰ্তৃপক্ষই। আজি ৰঙিয়া ৰেল সংমণ্ডলৰ পৰা এক বিজ্ঞপ্তিত এই কথা জনোৱা হয়। বিজ্ঞপ্তি অনুসৰি কাইলৰ পৰা ৰঙিয়া ৰেল সংমণ্ডলৰ  নিউ বঙাইগাওঁ - চাংসাৰি আৰু নিউ বঙাইগাওঁ - যোগীঘোপা ৰেল স্টেচনৰ ওপৰেদি পাৰ হৈ যোৱা বৈদ্যুতিক তাৰত উচ্চ ক্ষমতা সম্পন্ন ২২ কে ভি ভোল্টৰ বিদ্যুত সংযোগ কৰা হব। ২৪ ঘন্টাই সজীৱ হৈ থকা এই বৈদ্যুতিক তাৰৰ তলত অকৰ্তৃত্বশীল ভাৱে কাম কৰা, নজনাকৈ স্টেচনৰ বৈদুতিক সামগ্ৰী স্পৰ্শ কৰা, খালি ভৰিৰে ৰেল লাইন  স্পৰ্শ কৰা, গেট বন্ধ কৰাৰ পাছত ৰেল লাইন অতিক্ৰম কৰাৰ চেষ্টা কৰা আদি ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই নিষেধাজ্ঞা ভংগ কৰিলে অকল যে আইন মতে দণ্ডনীয় কৰা হব সেয়া নহয়, নিজৰ জীৱন সংশয় হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিব বুলি  বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে। ৰঙিয়া ৰেলৱে মান্ডলিক প্ৰৱন্ধক ভি এ মালেগাওকাৰে সকলো ৰাইজৰ সহযোগিতা কামনা কৰাৰ লগতে নিজৰ জীৱন সুৰক্ষিত কৰিবলৈ সকলোকে আহ্বান জনাইছে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Post a Comment

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা