নগাঁও বন বিভাগৰ সফলতা≈≈জালুগুটিত দুটাকৈ অবৈধ কাঠ ফলা মিল জব্দ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৭ জানুৱাৰীঃ নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ নিৰ্দেশ মৰ্মে বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ নেতৃত্বত যোৱা এটি অভিযানকাৰী দলে জালুগুটি অঞ্চলত অভিযান চলাই দুটাকৈ অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয় ৷  আজি দীৰ্ঘদিন ধৰি জালুগুটি অঞ্চলত অবৈধ ভাৱে এই কাঠফলা মিলকেইটা চলাই আহিছিল উক্ত অঞ্চলৰে ৰাতুল আলি আৰু জনৈক হুছেইন নামৰ দুজন কাঠ ব্যৱসায়ীয়ে ৷ অৱশ্যে আজিৰ এই অভিযান কালত কোনো এজন লোকক আটক কৰিবলৈ নহল যদিও বন বিভাগৰ দলটিয়ে কাঠফলা মিলদুটাত ব্যৱহৃত বিভিন্ন যন্ত্ৰাংশৰ লগতে বিভিন্ন প্ৰকাৰৰ ফলা কাঠ আদি জব্দ কৰি নগাঁও বন সংমণ্ডলৰ মূখ্য কাৰ্যালয়লৈ লৈ আনে ৷ এই অভিযান কালত বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ লগতে আৰু অন্যান্য বন কৰ্মী সকল উপস্থিত আছিল ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা