নগাঁৱত পঞ্চাশোৰ্ধ্বৰ ব্যক্তিৰ কামনাৰ বলি ১০ বছৰীয়া শিশু≈≈পলাতক অপৰাধী

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮ জানুৱাৰীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সময়ে সময়ে শিশু তথা নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ অহাৰ সময়তে  নগাওঁ জিলাৰ কঠীয়াতলীত এটি দহ বছৰীয়া শিশু এজন পঞ্চাশোৰ্ধ্বৰ ব্যক্তিৰ কামনাৰ বলি হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, কঠীয়াতলীৰ কছাৰী গাওঁ নিবাসী সুৰেশ ৰাভাৰ নামৰ ব্যক্তিজনে ঘৰৰ সমীপৰে এটি ১০ বছৰীয়া শিশুক ফুচুলাই নি বলাৎকাৰ কৰাৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি, পঞ্চাশোৰ্ধ্বৰ লম্পট ব্যক্তি জনে যোৱা ২৬ জানুৱাৰীত নিজ বায়েকৰ ঘৰলৈ গৈ থকা সময়ত শিশুটিক ফুচুলাই নি অসৎ কাৰ্য চৰিতাৰ্থ কৰে । অৱশ্যে লম্পটোয়ে এই ঘটনাৰ বিষয়ে ঘৰত মানুহৰ আগত প্ৰকাশ নকৰিব বাবে ভীতি প্ৰদৰ্শন কৰাত শিশুটিয়ে ভয়তে কাৰো আগত এই কথা কোৱা নাছিল ৷ কিন্তু বৃহস্পতিবাৰে শিশুটিৰ অধিক ৰক্তক্ষৰণ হোৱাত বিষয়টো পোহৰলৈ আহে আৰু পৰিয়ালৰ লোকে সন্দেহবশতঃ খুব জোৰ কৰি সোধাত শিশুটিয়ে সমস্ত কথা বিৱৰি কয় । ইফালে, শিশুটিৰ ভাষ্যৰ ওপৰত ভিত্তি কৰি কঠীয়াতলী আৰক্ষী চকীত  শিশুটিৰ পিতৃয়ে এজাহাৰৰ দাখিল কৰাত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্তত নামি পৰিছে যদিও অপৰাধীটো পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা