বঙাইগাঁও জিলা যোগী সন্মিলনীৰ সপ্তম দ্বি- বাৰ্ষিক অধিৱেশন সম্পন্ন

নতুন সমিতি গঠন

বঙাইগাঁওঃ‌১০ জানুৱাৰীঃ বঙাইগাঁও জিলা যোগী সন্মিলনীৰ সপ্তম দ্বি- বাৰ্ষিক অধিৱেশনখন বঙাইগাঁও আঞ্চলিক যোগী সমিতিৰ সহযোগত দেওবাৰে এদিনীয়া কাৰ্যসূচীৰে পুৰণি বঙাইগাঁও ভাটিপাৰাৰ বিশ্বনাথ দময়ন্তী ক্ষেত্ৰৰ শিৱ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় ৷ অধিৱেশন উপলক্ষে পুৱা জিলা যোগী সন্মিলনীৰ প্ৰাক্তন উপ সভাপতি গীতেন নাথে বন্তি প্ৰজ্বলন কৰাৰ পিচত জিলা সভাপতি ডাঃ পুলিন চন্দ্ৰ নাথে পতাকা উত্তোলন কৰে ৷ স্মৃতি তৰ্পন কৰে ডাংতল আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী নিভা নাথে আৰু গছ পুলি ৰোপন কৰে নৰ্থ বইটামাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী হিমানী দেৱীয়ে ৷ ইয়াৰ পিচতে অনুষ্ঠিত হয় বিষয়- বাচনি সভা ৷ বিষয় বাচনি সভাত পুৰণি জিলা সমিতিখন ভংগ কৰি এখন নতুন সমিতি গঠন কৰা হয় ৷ সভাত গিৰীন চন্দ্ৰ নাথক সভাপতি ,হৰেশ্বৰ নাথক কাৰ্যকৰী সভাপতি , খজেন চন্দ্ৰ নাথ, খৰ্গেশ্বৰ নাথ , হলিৰাম নাথ  আৰু লক্ষেশ্বৰ নাথক উপ সভাপতি, মহেশ নাথক সম্পাদকসহ মুঠ ২৫ জনীয়া নতুন জিলা সমিতিখন গঠন কৰা হয় ৷ আবেলি অনুষ্ঠিত হয় মুকলি সভা ৷ বঙাইগাঁও জিলা যোগী সন্মিলনীৰ সভাপতি ডাঃ পুলিন চন্দ্ৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত নৰ্থ বইটামাৰীৰ ৰসিগাঁওস্থিত উত্তৰ পূৰ্বাঞ্চলীয় শিৱ গোৰক্ষ নাথ মঠৰ মঠাধ্যক্ষ স্বামী কৈবল্য নাথ মহাৰাজে মুখ্য অতিথি , জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা নিৰ্মল নাথে নিৰ্দিষ্ট বক্তা ,সাহিত্যিক পেঞ্চনাৰ দ্বিজেন চন্দ্ৰ নাথে বিশিষ্ট অতিথি ,বিটিচি নাথ - যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰূপ নাথৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি  আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা