গুৱাহাটীৰ পৰা প্ৰস্থান ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ অভিযান দলৰ



 ষ্টাফৰিপোৰ্টাৰ, ১৫ জানুৱাৰী :  ব্ৰহ্মপুত্ৰ বৰ্ডৰ সংস্কাৰ নৰ্থ-ইষ্টান হাইড্ৰ'লিক আৰু এলাইড ৰিচাৰ্জ(NEHARI)ৰ শুভ উদ্বোধন কৰে মাননীয় জল শক্তিমন্ত্ৰী  গজেন্দ্ৰ সিং শেখাৱতে । বিভিন্ন চৰকাৰী বিষয়াৰ উপস্থিতিত সাংস্কৃতিক নৃত্য-অনুষ্ঠানৰ মাজেৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আদৰণি জনোৱা হয় ।
এই অনুষ্ঠানত অংশলৈ মন্ত্ৰীগৰাকীয়ে NEHARI ৰ আন্তঃগাঁথনি আৰু পৰীক্ষাগত সুবিধাৰ বুজ লোৱাৰ লগতে চইল লেব্ৰটৰী ভ্ৰমণ কৰি চলিত প্ৰকল্পটোৰ বিষয়ে অৱগত হয় । তেওঁ ইয়াৰ লগতে হাইড্ৰ'লজিকেল মডেল লেবট্ৰৰী পৰিদৰ্শন কৰাৰ ওপৰি বিভিন্ন দিশৰ ওপৰতো তন্ন তন্নকৈ বুজ লয় ।
NEHARI হৈছে এক পৃথক পৰীক্ষাগাৰ যিয়ে বৈজ্ঞানিক সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াটোৰ সুবিধাৰ্থে নদী প্ৰশিক্ষণ আৰু বান ব্যৱস্থাপনা প্ৰকল্প ৰূপায়ণ কৰে ।
ইয়াৰ পিছতেই গজেন্দ্ৰ সিং শেখাৱতে প্ৰাগজ্যোতিষ সাংস্কৃতিক কমপ্লেক্স, মাছখোৱাত আয়োজিত ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ অভিযান অনুষ্ঠানতো অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী,  প্ৰধান (উপ মহাপৰিদৰ্শক,এনডিআৰএফ), আইআইটি-গুৱাহাটীৰ প্ৰফেচৰ চন্দন মহন্ত , টি.এছ মেহৰা, আয়ুক্ত (B&B), জলসম্পদ নদী উন্নয়ন বিভাগ, গংগা পুনৰ্জাগৰণ আৰু সুহাশিনী শেখাৱতৰ নেতৃত্বত ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ অভিযানৰ ৰাফটিং দল ।
এই অনুষ্ঠানতেই ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ অভিযান  দলটোক সন্মানিত কৰে মন্ত্ৰীগৰাকীয়ে ।
ইয়াৰ লগতে ড০ অৰূপ কুমাৰ শৰ্মাৰ দ্বাৰা লিখিত আৰু সংগীত দিয়া "ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ অভিযান"ৰ মূল বিষয়বস্তুৰ গীতটি মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰগৰাকীয়ে । লগতে এই অভিযানৰ যাত্ৰাৰ এক ভিডিঅ' ক্লিপও প্ৰদৰ্শন কৰা হয় ।
মন্ত্ৰীগৰাকীয়ে ইয়াৰ লগতে প্ৰৱন্ধ আৰু তৰ্ক প্ৰতিযোগিতাৰ স্থান প্ৰাপ্ত প্ৰতিযোগী সকলক সন্মানিত কৰে । ব্ৰহ্মপুত্ৰ বৰ্ডৰ দ্বাৰা আয়োজিত এই প্ৰতিযোগিতাৰ মূল বিষয় আছিল "নদীৰ সৈতে সহবাস"।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা