বঙাইগাঁৱত ক'ভিড-১৯ৰ প্ৰতিষেধক প্ৰদানৰ আখৰা

বঙাইগাঁওঃ ৮ জানুৱাৰীঃ আজি ৰাজ্যখনৰ আন প্ৰান্তৰ লগতে বঙাইগাঁৱতো অনুষ্ঠিত হ'ল ক'ভিড-১৯ ৰ প্ৰতিষেধক প্ৰদানৰ আখৰা ৷ উল্লেখ্য যে ক'ৰণা অতিমাৰী প্ৰতিহত কৰাৰ বাবে সোনকালেই আমাৰ মাজত মুকলি হ'ব লগীয়া বহু অপেক্ষিত প্ৰতিষেধক সঠিকভাৱে প্ৰদান কৰাৰ বাবে আগতীয়াকৈ আখৰা চলোৱা হৈছে ৷ আজি জিলা উপায়ুক্ত ডাঃ এম. এছ. লক্ষ্মীপ্ৰিয়াৰ তত্বাৱধানত বঙাইগাঁও জিলাৰ স্বাস্থ্য বিভাগে জিলাখনৰ মুঠ চাৰিখনকৈ চিকিৎসালয় ক্ৰমে- বঙাইগাঁও অসামৰিক চিকিৎসালয়, মাণিকপুৰ আদৰ্শ চিকিৎসালয়, অভয়াপুৰী চি. এইছ. চিৰ লগতে ব্যক্তিগত খণ্ডৰ লৱাৰ আসাম হাস্পতালত এই আখৰা সফলতাৰে সমাপন কৰা হয়। আজি আখৰা চলোৱা চাৰিখন চিকিৎসালয়ৰ প্ৰতিখনৰ অধীনত মুঠ ২৫ গৰাকীকৈ স্বাস্থ্য কৰ্মীক চিনাক্ত কৰা হৈছে আৰু তেওঁলোকৰ যাৱতীয় তথ্য 'ক-ৱিন' নামৰ পৰ্টেলত আপলোড কৰা হৈছে। এই স্বাস্থ্যকৰ্মীসকলে জিলাখনৰ ভিতৰত পোন প্ৰথমে উক্ত প্ৰতিষেধক বা ভেকচিন লাভ কৰিব আৰু তেওঁলোকক তাৰ আগদিনাই মোবাইল মেছেজ যোগে জনাই দিয়া হ'ব। এই সমগ্ৰ প্ৰক্ৰিয়াটো মসৃন ভাৱে সমাপন কৰাৰ বাবে প্ৰত্যেক ভেকচিনেচন কেন্দ্ৰত তিনি ধৰণৰ কক্ষ ( অপেক্ষা কৰা কক্ষ, প্ৰতিষেধক গ্ৰহণ কৰা কক্ষ আৰু পৰ্যবেক্ষণ কক্ষ) আৰু কৰ্তব্য পালনৰ বাবে চাৰিজনীয়া এটাকৈ দল থাকিব। উল্লেখ্য যে জিলা উপায়ুক্ত গৰাকীয়ে আজি নিজেই বঙাইগাঁও অসামৰিক চিকিৎসালয়ত অনুষ্ঠিত হোৱা আখৰাত এজন হিতাধিকাৰীৰ ৰূপত অংশগ্ৰহণ কৰি সমগ্ৰ প্ৰক্ৰিয়াটোত এজন প্ৰতিষেধক গ্ৰহণকাৰীয়ে মুখামুখী হ'বলগীয়া পৰ্যায়সমূহৰ নিজে অভিজ্ঞতা গ্ৰহণ কৰি কাৰ্যত প্ৰতিষেধক দিয়াৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থাপনা সুনিশ্চিত কৰে। বঙাইগাঁও অসামৰিক চিকিৎসালয়ত চলোৱা আখৰা কাৰ্যসূচীত বঙাইগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ নীলমাধৱ দাস ,জিলাৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱাল, চিকিৎসালয়খনৰ অধীক্ষক তথা স্বাস্থ্য বিভাগৰ বিষয়া , চিকিৎসক আৰু স্বাস্থ্যকৰ্মী আদি উপস্থিত থাকে ৷

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা