ধিঙত মৃতদেহ লৈ আৰক্ষীৰ বিৰূদ্ধে উত্তাল প্ৰতিবাদ≈≈আৰক্ষীয়ে অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৯ জানুৱাৰীঃ নগাঁও জিলাৰ ধিং আৰক্ষীৰ বিৰুদ্ধে অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত মঙলবাৰে সোচ্চাৰ হৈ পৰে সৰ্বসাধাৰণ জনতা ৷ আনকি আৰক্ষীৰ ৰহস্যজনক আৰু নীৰৱ ভূমিকাক কেন্দ্র কৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণেৰে ক্ষোভিত জনতাই ধিঙত উত্তপ্ত কৰি তোলে পৰিস্থিতি । তদুপৰি মৃতদেহ লৈ নগাঁও-ধিং সংযোগী গড়কাপ্তানি পথৰ ধিং বজাৰত পথ অৱৰোধ কৰে কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে আৰু সাধাৰণ জনতাই ৷ উল্লেখ্য, যোৱা ৬ জানুৱাৰীত ধিঙৰ সোনাৰী গাৱঁত এটা ডকাইতিৰ দলে চোহেইল আহমেদ নামৰ এজন যুৱকক গুলীয়াই গুৰুতৰভাৱে আহত কৰাৰ পিছত কালি চিকিৎসাধীন অৱস্থাত গুৱাহাটীৰ চিকিৎসালয়ত যুৱকজনৰ মৃত্যু হয় । যুৱকজনৰ মৃত্যুৰ পিছতেই স্থানীয় অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ যাৰ পৰিণতিত মঙলবাৰে প্ৰথমে বেছামাৰী আৰু তাৰ পিছত ধিং বজাৰৰ মাজমজিয়াত সহস্ৰাধিক ছাত্ৰ-ছাত্রী আৰু ৰাইজে মৃতদেহ লৈ কেইবাঘণ্টা জুৰি ধিং আৰক্ষীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । অগণন লোকৰ সমাগমেৰে প্ৰথমে যুৱকজনে অধ্যয়ণ কৰা বিদ্যালয়ৰ পৰা বেচামাৰী বজাৰলৈ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত ধিং-মৈৰাবাৰী মূল পথৰ ধিং বজাৰত মৃতদেহ লৈ মূল পথটি অৱৰোধ কৰি পৰিবেশ উত্তপ্ত কৰি তোলে । আৰক্ষীৰ বিৰুদ্ধে নানা শ্ল’গান দি ডকাইটি ঘটনাটো সংঘটিত হোৱাৰ ১৩টা দিন অতিবাহিত হোৱাৰ পিছতো ধিং আৰক্ষীয়ে দোষীক কৰায়ত্ব কৰিব নোৱাৰাত প্ৰতিবাদীকাৰীসকলে আৰক্ষীৰ ভমিকাক তীব্ৰ ভাষাৰে সমালোচনা কৰি ১২ ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিবলৈ দাবী জনাই । আনকি মৃত্যুৰ পূৰ্বে যুৱকজনে দুৰ্বৃত্তৰ কেইজনৰ নাম ধিং আৰক্ষীৰ আগত প্ৰকাশ কৰাৰ পিছতো আজিকোপতি কোনো ব্যৱস্থা লোৱা নহ’ল বুলি প্ৰতিবাদকাৰীসকলে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ধিং আৰক্ষীৰ বিৰুদ্ধে । এই উত্তাল প্ৰতিবাদৰ ফলত প্ৰায় দুঘন্টা ধৰি ধিং বজাৰত তীব্ৰ যানজঁটৰ সৃষ্টি হয়। অৱশ্যে পিছত নগাওঁ জিলাৰ উচ্চ পদস্থ আৰক্ষী বিষয়া প্ৰতিবাদস্থলীত উপস্থিত হৈ যুৱকজনৰ হত্যাকাৰীক অতি শীঘ্ৰে কৰায়ত্ব কৰাৰ আশ্বাস দিয়াৰ পিছতহে পৰিস্থিতি শাম কাটে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা