মাখিবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৯৮৪ বৰ্ষৰ দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ প্ৰীতি সমাৰোহৰ সম্পন্ন

 টিহু মহকুমাৰ বৃহত্তৰ মাখিবাহা অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান  মাখিবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৮৪ চনত (সেই সময়ৰ উচ্চ মাধ্যমিক বিদ্যালয়) হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলৰ এখনি প্ৰীতি সমাৰোহ কালি  সম্পন্ন হয়  ।  সেই সময়ত বিদ্যালয় খনত কৰ্মৰত বৰ্তমানে জীৱিত বা প্ৰয়াত সকলো শিক্ষক-কৰ্মচাৰীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপনৰ উদ্দেশ্যে এই সমাৰোহখন আয়োজন কৰে  ।   পুৱা মাখিবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা প্ৰতিভা দেৱীয়ে  পতাকা উত্তোলনেৰে  কাৰ্যসূচীৰ শুভাৰম্ভ  কৰাৰ পিছত সমাৰোহৰ পতাকা উত্তোলন কৰে সতীৰ্থ সমাৰোহ উদযাপন সমিতিৰ সভাপতি ড: ভূপেন্দ্ৰ নাথ শৰ্মাই । ইয়াৰ পিছতে  স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ উপ-সভাপতি জীতেন ডেকাই । ইয়াৰ পিছতে  ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ, বৃক্ষৰোপন, প্ৰয়াত শিক্ষক-কৰ্মচাৰীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন আদি  অনুষ্ঠিত হয়  । দুপৰীয়া সতীৰ্থ সমাৰোহ উদযাপন সমিতিৰ সভাপতি ড: ভূপেন্দ্ৰ নাথ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় সতীৰ্থ সন্মিলন  । সতীৰ্থ সমাৰোহত   স্মৃতি গ্ৰন্থ "এনাজৰী " উন্মোচন কৰে মাখিবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ ত্ৰৈলোক্য নাৰায়ন চৌধুৰীয়ে ।  সতীৰ্থ সমাৰোহত  শিক্ষক-শিক্ষয়িত্ৰী  সকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়  । ইয়াৰ পিছতে সতীৰ্থ সমাৰোহ উদযাপন সমিতিৰ সম্পাদক জ্যোতিষ হালৈয়ে আতধৰা   অন্তৰংগ আলাপ আৰু প্ৰাক্তন শিক্ষাৰ্থী সকলৰ দ্বাৰা পৰিৱেশিত তথা পৰিচালিত বিচিত্ৰানুষ্ঠান অনুষ্ঠিত হয়  । মাখিবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত   প্ৰাক্তন শিক্ষাৰ্থী সকলৰ উক্ত অনুষ্ঠানটিত কেইবাগৰাকীও গুৰু-শিষ্যক আবেগিক হৈ পৰা দেখা যায়  । 

টিহুৰ পৰা  কৰবী গোস্বামী

Comments