পাঁচমাহে সন্ধান নাই জাজৰিৰ নিৰুদ্দিষ্ট যুৱকৰ≈≈চৰম দুশ্চিন্তাত পৰিয়ালবৰ্গ

llনগাঁৱৰ পৰা জয়ন্ত মুুুদৈ, ২৯ জানুৱাৰীঃ নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তবৰ্তী পাঘালী গাঁও পঞ্চায়তৰ জাজৰি চাহখোৱা পুখুৰী নিবাসী চামেদ আলী আৰু তছলিমা খাতুনৰ পুত্ৰ ৰেকিবুল হুছেইন বিগত প্ৰায় পাঁচমাহ ধৰি সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, বিগত বৰ্ষৰ পহিলা ছেপ্টেম্বৰৰ দিনা পুুুৱা প্ৰায় ছয় বজাত ২১ বছৰীয়া যুৱকজন কাম বিচাৰি গুৱাহাটীলৈ যোৱাৰ পিছৰে পৰা ৰহস্যজনকভাবে নিৰুদ্দেশ হয় ৷ অতি দৰিদ্ৰ পৰিয়ালৰ যুৱকজন এনেদৰে হঠাতে নিখোজ হৈ পৰাত ঘৰত হুৱাদুৱা লাগে আৰু পৰিয়ালৰ লোকে আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ ঘৰৰ লগতে সম্ভাব্য সকলো ঠাইতে বিচাৰ-খুচাৰ কৰিও কোনো শুংসূত্ৰ নোপোৱাত পৰিয়ালৰ লোকসকল এতিয়া মানসিকভাবে ভাগি পৰিছে ৷ ইতিমধ্যে নিৰুদ্দেশ সন্দৰ্ভত যুৱকজনৰ দুৰ্ভগীয়া মাতৃয়ে মিকিৰভেটা থানাৰ অন্তৰ্গত বৰিবজাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও আজিলৈকে যুৱকজনৰ কোনো সম্ভেদ বাহিৰ হোৱা নাই ৷ গতিকে কোনো সদাশয় লোকে প্ৰায় ৫ ফুুট উচ্চতাৰ মাগুৰ বৰণীয়া যুৱকজনৰ যদি কোনো সম্ভেদ পায় তেন্তে ওচৰৰ আৰক্ষী থানা নাইবা ৬০২৬৯-৫১০৩৭ নম্বৰত যোগাযোগ কৰিবলৈ দুৰ্ভগীয়া পৰিয়ালৰ লোকে অনুৰুধ জনাইছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা