বিশিষ্ট চিত্ৰশিল্পী, জ্যোতিষী, অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী সমৰ সিংহ বৰকাকতিৰ মৃত্যুত শোক

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৮ জানুৱাৰীঃ নগাঁও চহৰৰ খুটিকটীয়া কলংপাৰৰ তপোবন নিবাসী বিশিষ্ট চিত্ৰশিল্পী, জ্যোতিষী, সুবক্তা, সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষক সমৰ সিংহ বৰকাকতিৰ ৭৭ বছৰ বয়সত জীৱনাৱসান ঘটাত সমগ্ৰ নগাঁও চহৰতে শোকৰ ছাঁ পৰিছে ৷ ১৯৪৪ চনত জন্ম গ্ৰহন কৰা বৰকাকতিয়ে সুদীৰ্ঘ কাল ধৰি শিক্ষাবৃত্তিত জড়িত থাকি নিজৰ দায়িত্ব অতি নিষ্ঠাসহকাৰে পালন কৰি সকলোৰে প্ৰিয়ভাজন হৈ পৰাৰ বিপৰীতে তেওঁ শিক্ষকতা কৰা শিক্ষানুষ্ঠানৰ লগতে স্থানীয় অঞ্চলৰ শৈক্ষিক পৰিবেশ উৰ্ধ্বগামী কৰি তোলাৰ ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়াইছিল ৷ তেওঁ শিক্ষক হিছাপে ছাত্ৰ‌-ছাত্ৰীৰ মাজত যথেষ্ট জনপ্ৰিয় আছিল ৷ শিক্ষকতাৰ সমান্তৰালকৈ এগৰাকী সুদক্ষ চিত্ৰ শিল্পীৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা বৰকাকতিয়ে বহু বছৰ ধৰি জ্যোতিষ চৰ্চা কৰি সমাজৰ বিভিন্নজনক সহায়ৰ হাত আগবঢ়াই আহিছিল। ৰসিক কথা-বতৰাৰে সকলোৰে মাজত এক সুকীয়া পৰিচয় দাঙি ধৰা বৰকাকতি আছিল এগৰাকী সুবক্তা ৷ খুটিকটীয়াৰ সন্ধানী সাহিত্য সমাজৰ আজীৱন সদস্য বৰকাকতি স্থানীয় বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপোতভাবে জড়িত থাকি নিজকে সমাজসেৱাত নিয়োজিত কৰিছিল ৷ সৎ, অমায়িক আৰু সৰল মনৰ বৰকাকতিৰ মৃৃৃত্যুৰ বাতৰি পোৱাৰ লগে লগে তেখেতৰ বাসগৃহত অনেক গুণমুগ্ধ সমবেত হৈ তেওঁলৈ শেষ শ্ৰদ্ধা জনায় ৷ বহু গুণধাৰী বৰকাকতিৰ মৃত্যুত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ  গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷ তেওঁ মৃত্যুৰ সময়ত পত্নীসহ তিনি পুত্ৰ, দগৰাকী বোৱাৰী আৰু এটি নাতিৰ লগতে বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায় ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা