বঙাইগাঁৱত পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ

জিলাখনৰ ১,১০,৭৭২ গৰাকী শিশুক সামৰি লোৱাৰ লক্ষ্য স্বাস্থ্য বিভাগৰ 

বঙাইগাঁওঃ ৩১ জানুৱাৰীঃ সমগ্ৰ দেশ তথা ৰাজ্যৰ
বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাতো আজিৰে পৰা পলিঅ' প্ৰতিষধক প্ৰদান কাৰ্যসূচী আৰম্ভ হৈছে। জিলাখনত বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঃ এম.এছ. লক্ষ্মী প্ৰিয়াই এই পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ জিলা উপায়ুক্তগৰাকীয়ে বঙাইগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত জিলাখনৰ স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ নীলমাধৱ দাসৰ লগতে অতিৰিক্ত মুখ্য চিকিৎসক তথা স্বাস্থ্য বিষয়া, জিলা টিকাকৰণ বিষয়া, মহকুমা চিকিৎসক তথা স্বাস্থ্য বিষয়া, বঙাইগাঁও জিলাৰ আঁচনি প্ৰৱন্ধক আৰু অন্যান্য স্বাস্থ্য কৰ্মীৰ উপস্থিতিত পলিঅ' প্ৰতিষধক প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে আৰু দুবছৰীয়া কন্যাক জিলাখনৰ ভিতৰত ২০২১ বৰ্ষৰ প্ৰথমতো পলিঅ' খোৰাক প্ৰদান কৰে ৷ জিলাখনত মুঠ ৪৮৮ টা বুথৰ জৰিয়তে পলিঅ' খোৰাক প্ৰদানৰ বাবে ব্যৱস্থা কৰা হৈছে আৰু এই বুথসমূহত জিলাখনৰ ৫ বছৰ বয়সৰ ভিতৰৰ মুঠ ১,১০,৭৭২ গৰাকী শিশুক এই কাৰ্যসূচীৰ জৰিয়তে সামৰি লবলৈ লক্ষ্য স্থিৰ কৰা হৈছে। আজিৰে পৰা আৰম্ভ হোৱা পলিঅ' প্ৰতিষেধক প্ৰদানৰ এই তিনিদিনীয়া কাৰ্যসূচী অহা ২ ফেব্ৰুৱাৰী পৰ্যন্ত অব্যাহত থাকিব ৷ উল্লেখ্য যে জিলাখনত যোগাযোগৰ সুচল ব্যৱস্থা নথকা মুঠ ৮৩ টা অঞ্চলক এই কাৰ্যসূচীৰ দ্বাৰা সামৰি লোৱাৰ বাবে মুঠ ২,১৩৮গৰাকী লোকক নিযুক্ত কৰা হৈছে।

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও//21
9

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা