এইচডিএফচি বেংকৰ তৃতীয় ত্ৰৈমাসিকত ১৮.১শতাংশ বৃদ্ধিৰে আয় ৮,৭৫৮কোটি টকা



ষ্টাফ ৰিপ'ৰ্টাৰ,,,১৭জানুৱাৰী: দেশৰ ব্যক্তিগত খণ্ডৰ বৃহৎ বেংক প্ৰতিষ্ঠান এইচডিএফচি বেংকে বিগত বৰ্ষৰ ৩১ডিচেম্বৰত অন্ত পৰা তৃতীয় ত্ৰৈমাসিকত ১৮.১ শতাংশ বৃদ্ধিৰে মুঠ আয় পৰিমাণ ৮,৭৫৮.৩ কোটি টকা । যাৰ বাবে বেংকৰ মুঠ বেলেঞ্চ শ্বীটৰ আকাৰ ২০১৯ৰ ৩১ ডিচেম্বৰৰ তুলনাত ১৮.৬ শতাংশ বৃদ্ধিৰে ১৬,৫৪,২২৮ কোটি টকা হয়গৈ। ২০১৯ৰ ৩১ ডিচেম্বৰত ইয়াৰ পৰিমাণ আছিল ১৩,৯৫,৩৩৬ কোটি টকা। ২০২০ৰ ৩১ 
ডিচেম্বৰত সামৰণি পৰা তৃতীয় ত্ৰৈমাসিকত মুঠ ৰাজহৰ পৰিমাণ  ১৬,৫৪,২২৮ কোটি টকা হৈছেগৈ। আনহাতে ২০২০ৰ ৩১ ডিচেম্বৰত সামৰণি পৰা তৃতীয় ত্ৰৈমাসিকত মুঠ সুত উপাৰ্জন ( সুত ব্যয়ৰ তুলনাত সুত উপাৰ্জন) ১৫.১শতাংশ বৃদ্ধিৰে হয় ১৬,৩১৭.৬কোটি টকা। ২০১৯ৰ ৩১ ডিচেম্বৰৰ ত্ৰৈমাসিকত ইয়াৰ উপাৰ্জনৰ পৰিমাণ আছিল ১৪,১৭২.৯কোটি টকা।আনহাতে বেংকৰ স্বাস্থ্যকৰ তৰলতা আৱৰণ অনুপাত ১৪৬ শতাংশ হৈছেগৈ। বেংকৰ মুঠ বেলেঞ্চ শ্বীটৰ আকাৰ ২০২০ৰ ৩১ ডিচেম্বৰলৈ ১৮.৬ শতাংশ বৃদ্ধিৰে হয় ১৬,৫৪,২২৮কোটি টকা। ২০১৯ৰ ৩১ডিচেম্বৰত ইয়াৰ পৰিমাণ আছিল ১৩,৯৫,৩৩৬ কোটি টকা।
২০২০ৰ ৩১ ডিচেম্বৰলৈ বেংকত ধনৰ জমাৰ পৰিমাণ হৈছে মুঠ ১২,৭১,১২৪ কোটি টকা। ২০১৯ ৰ ৩১ ডিচেম্বৰৰ তুলনাত ১৯.১শতাংশ বৃদ্ধি পাইছে। চিএএছএ জমাৰ পৰিমাণ ২৯.৬ শতাংশলৈ বৃদ্ধি পাইছে।চেভিং একাউণ্টত ৩,৭৪,৬৩৯ কোটি টকা জমা হোৱাৰ বিপৰীতে কাৰেণ্ট একাউণ্টত ১,৭২,১০৮ কোটি জমা হৈছে। বাছেলৰ নিৰ্দেশনা অনুসৰি বেংকৰ মুঠ পুঁজিৰ পর্যাপ্ততা অনুপাত( চিএআৰ)  ২০২০ৰ ৩১ ডিচেম্বৰ(২০১৯ৰ ৩১ ডিচেম্বৰত ১৮.৫ শতাংশ বৃদ্ধি)লৈ নিয়মীয়া আৱশ্যক্যতাৰ ১১.০৭৫ শতাংশৰ তুলনাত ১৮.৯ শতাংশ বৃদ্ধি পায়। ২০২০ৰ ৩১ ডিচেম্বৰলৈ বেংকৰ বিতৰণ নেটৱৰ্ক ২,৮৬৬খন মহানগৰ-চহৰত  ৫,৪৮৫ টা বেংক শাখা আৰু ১৫,৫৪১টা এটিএম/ কেচ জমা (Cash Deposit) আৰু উলিওৱা (Withdrawal) চমুকৈ চিডিএম মেচিন আছিল। ইয়াৰ তুলনাত ২০১৯ৰ ৩১ ডিচেম্বৰত আছিল ২,৭৮৭খন চহৰ/মহানগৰত ৫,২০৩ টা বেংক শাখা আৰু ১৪,৫৩৩ টা এটিএম/কেচ জমা আৰু উলিওৱা মেচিন আছিল। তেওঁলোকৰ ৫০ শতাংশ বেংক শাখা মজলীয়া চহৰ আৰু গ্ৰাম্য অঞ্চলত আছে। 
বেংকৰ মুঠ আৰু মুঠ অপৰিশোধিত সম্পত্তিৰ ক্ষেত্ৰত ২০২০ৰ ৩১ ডিচেম্বৰত আছিল মুঠ অগ্ৰিমত 0.৮১ শতাংশ আৰু নেটত ০.০৯শতাংশ।ভাৰতীয় ৰিজাৰ্ভ বেংকৰ আৱেদনৰ অধীনত পুননিৰ্ণয় ক'ভিড-১৯ ৰ বাবে ফ্ৰেমৱৰ্কৰ পৰিমাণ প্ৰায় ০.৫ শতাংশ অগ্ৰগতিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা