ডিব্ৰুগড়ত বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ নেতাজীৰ জন্মজয়ন্তী পালন

ডিব্ৰুগড় : সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচন ডিব্ৰুগড় জিলা সমিতিৰ অন্তৰ্ভুক্ত নালিয়াপুল শাখা সমিতি আৰু নালিয়াপুল মহিলা সমিতিৰ উদ্যোগত নালিয়াপুল দুৰ্গাবাৰী মন্দিৰত 125তম জন্ম জয়ন্তী পালন কৰা হয়। পোৱা 7 বজাত আজাদ হিন্দ ফৌজীৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি শ্রীযুত নিৰ্মল কান্তি শীল সংগঠনৰ পতাকা উত্তোলন কৰে জিলা সমিতিৰ সম্পাদক বাপি চৰকাৰ। 10 বজাত শোভাযাত্ৰা দুৰ্গাবাৰী মন্দিৰৰ পৰা গ্ৰেহেম বজাৰ পল্টন বজাৰ চেওজপুৰ হৈ দুৰ্গাবাড়িত শেষহৈ। সন্দিয়া 6 বজাত দুৰ্গাবাৰী মন্দিৰত মুকলি সভা অনুষ্ঠিত হয়। উক্ত সভাত মুখ্য অতিথি কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰি সভাপতি নিৰ্মল কান্তি শীল, ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক বাপি চৰকাৰ, জিলা সমিতিৰ মুখপাত্ৰ অপন দাস,সাংগঠনিক সম্পাদক দ্বীপঙ্কৰ ৰায় বিশিষ্ট সমাজ সেৱক ডঃ সৈকত পাত্ৰ, কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জয়ন্ত দাস, বিশ্ব বঙ্গ সাহিত্য সংস্কৃতি সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি চন্দন মজুমদাৰ কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশিকান্ত শইকীয়া, স্বচ্ছ ভাৰত অভিযানৰ আহ্বায়াক  দিলীপ সিং সমাজ সেৱক শৰৎ দেউৰী, নালিয়াপুল অঞ্চলৰ বিশিষ্ট ব্যক্তি আশু নন্দী, বিশিষ্ট সমাজ সেৱীকা কল্পনা কাশ্যপ, শিক্ষক অংশুমান দাস, নালিয়াপুল শাখা কমিটিৰ সভাপতি তাপস দাস প্ৰমুখ্যে বিশিষ্ট  ব্যক্তি সকল। উক্ত সভাত নিজৰ ভাষণত জয়ন্ত দাসে কৈ নেতাজী সুভাষ চন্দ্ৰ বসু ডঃ ভীমৰাও ৰামদেৱ আম্বেদকৰ যি সন্মান পাবলাগে এতিয়া লৈকে পোৱা নাই। লগতে নেতাজী যি বাণী কাম সকলো অনুসৰণ কৰিব লাগে। শ্ৰীযুত পাত্ৰই আৰু মাজুমদাৰে নেতাজীৰ বিষয়ে বিতংকৈ আলোচনা কৰে, শ্ৰীযুত শীলে নিজৰ ভাষণত কয় 23শে জানুৱাৰী দেশপ্ৰেম দিৱস ঘোষণা কৰাৰ লগতে ৰাষ্ট্ৰীয় বন্ধৰ দিন হিচাবে ঘোষণা কৰিবলৈ দাবী জনায় লগতে কয় সকলে সকলো বাঙালীয়ে একত্ৰিত হৈ সংগঠনৰ সহযোগ কৰক সংগঠন সদায় আপোনালোকৰ লগত আছে আৰু থাকিব, বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে সমন্বয় ৰক্ষা কৰি অসমৰ উন্নতিৰ কাৰণে সদায় আছে আৰু থাকিব। সভাত চৰকাৰ, অপন দাস,তাপস দাস শশিকান্ত শইকীয়া ভাষণ প্ৰদান কৰে। শশাংক শেখৰ চক্ৰৱৰ্তীয়ে সকলোকে সম্বৰ্ধনা জনায়। শেষত সংস্কৃতিক সন্ধিয়া আৰু আৰ্ট নৃত্য প্ৰতিযোগিতাৰ বঁটা বিতৰণি সভা কৰি কাৰ্যসূচী শেষ কৰা হয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা