একশৰণ ভাগৱতী সমাজৰ বাৰ্ষিক পালনাম আৰু ধৰ্মালোচনী সভা≈≈উদুলি-মুদুলি বেবেজীয়া পালনাম থান

বেবেজীয়া পালনাম থানৰ পৰা জয়ন্ত মুদৈ, ২৭ জানুৱাৰীঃ জীৱ জগতৰ কল্যাণ আৰু বিশ্ব শান্তিৰে অৰ্থে আধ্যাত্ম সাধনৰত অগ্ৰণী সামাজিক-সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠান একশৰণ ভাগৱতী সমাজ, অসমৰ নগাঁও জিলা শাখাৰ ৮৫ সংখ্যক বাৰ্ষিক পালনাম আৰু ধৰ্মালোচনী সভা ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে ছয়দিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে কালিৰে পৰা একশৰণ ভাগৱতী সমাজৰ মুখ্য কাৰ্যালয় নগাঁও জিলাৰ বেবেজীয়া পালনাম থানত অনুষ্ঠিত হৈছে ৷ এই মৰ্মে, বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হোৱা অগণন ভক্তৰ সমাগমেৰে পালনাম থানত উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হোৱাৰ বিপৰীতে হৰিনামৰ অমিয়া সুৰে চৌপাশে ভক্তিৰ নিজৰা বৈছে ৷ প্ৰথম দিনা বিয়লি ৩ বজাত ভকত আদৰণিৰে কাৰ্যসূচীৰ পাতনি মেলাৰ পিছতে সন্ধিয়া জপ আৰু সন্ধ্যা প্ৰসংগ অনুষ্ঠিত কৰা হয় ৷ ইফালে, আজি পুৱা ৫ বজাত প্ৰাতঃ প্ৰসংগ আৰু ৮ বজাত শৰাই অৰ্চনৰ অন্তত ৯ বজাত ধৰ্মধ্বজা উত্তোলন কৰে একশৰণ ভাগৱতী সমাজৰ নগাঁও জিলা শাখাৰ সভাপতি ভূবনেশ্বৰ দাসে ৷ দুপৰীয়া ১১ বজাত মধ্যাহ্ন প্ৰসংগৰ পিছতে বিয়লি ১ বজাৰ পৰা একশৰণ ভাগৱতী সমাজৰ জিলা সভাপতি ভুৱনেশ্বৰ দাসৰ পৌৰহিত্যত একশৰণ ভাগৱতী সমাজৰ প্ৰতিনিধি সভাৰ লগতে সতী ৰাধিকা মাতৃ সেৱা সমাজ আৰু তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰতিনিধি সভাও অনুষ্ঠিত কৰা হয় ৷ সন্ধিয়া ৫ বজাৰ পৰা অনুষ্ঠিত হয় জপ আৰু সন্ধ্যা প্ৰসংগ ৷ কাইলৈ তৃতীয় দিনা পুৱা ৪ বজাৰ পৰা একাদিক্ৰমে প্ৰাতঃ প্ৰসংগ, শৰাই অৰ্চন, তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাৰ্থনা সভা, খোল প্ৰসংগ আদিৰ অন্তত বিয়লি ২ বজাৰ পৰা একশৰণ ভাগৱতী সমাজৰ উপাচাৰ্য্য আৰু শৰণাচাৰ্য্য অনুৰাম দাসৰ সঞ্চালনাত অনুষ্ঠিত হ’ব ধৰ্মালোচনী সভা ৷ তদুপৰি সন্ধিয়া পালনাম থান চৌহদত বন্তি প্ৰজ্বলনৰ পিছতে গুণমালা কীৰ্ত্তন অনুষ্ঠিত হ’ব ৷ নিশা ৮ বজাৰ পৰা পালনামৰ শৰাই অৰ্চন আৰু খোল প্ৰসংগৰ অন্তত ১০ বজাৰ পৰা মহাপালনাম আৰম্ভ হ’ব বুলি একশৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সচীব ডেভিদ দাসে জানিবলৈ দিছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা