জ্যোতিদিৱস আৰু বাৰ্ষিক অধিবেশন




ষ্টাফৰিপোৰ্টাৰ, ১৫ জানুৱাৰী :  কামৰূপ মহানগৰ জিলা সাহিত্য সভা আৰু মধ্যগুৱাটী সাহিত্য সভাৰ উদ্যোগত
দেওবাৰে জ্যোতি দিৱস দিনযোৰা কাৰ্যাসূচীৰে আয়োজন কৰাৰ লগতে মধ্যগুৱাহাটী সাহিত্য সভাৰ বাৰ্ষিক অধিবেশনৰো আয়োজন কৰা হৈছে। এই উপলক্ষে পুৱা ৮৩০ বজাত পতাকা উত্তোলন কৰিব মধ্যগুৱাহাটী সাহিত্য সভাৰ সভাপতি ডা°দিলীপ চন্দ্ৰ দাসে। তাৰপাছত  জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰতিছব্বিত তৰ্পন আৰু বন্তি প্ৰজ্বালন কৰিব ক্ৰমে  মধ্যগুৱাহাটী সাহিত্য সভাৰ উপসভাপতি প্ৰমোদ চন্দ্ৰ ঠাকুৰীয়া আৰু কাৰ্যকৰী সভাপতি লোহিত ঠাকুৰিয়াই। শিশুসকলৰ শিশুসমাৰোহ উদ্বোধন কৰিব  ব্ৰহ্মপুত্ৰ কালচেৰেল ছ’চাইটি অধ্যক্ষ
 মৌচুমী ডেকাই আৰু  সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব শিল্পী সাংবাদিক জজ জিচাং শইকীয়াই। এই সভাত মুখ্য অতিথি  অসম সাহিত্য সভাৰ  প্ৰশাসনীয় সম্পাদক মনজিৎ সিং, সন্মানীয় অতিথি হিচাপে কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ উপসভাপতি মহিধৰ ডেকা,  বিশিষ্ট কৌতুক অভিনেতা মম্মথ বৰুৱা আৰু অসমী বৰদলৈয়ে। গ্ৰন্থ উন্মোচন কৰিব  কেচি দাস কমাৰ্চ কলেজৰ অধ্যক্ষ ঋষিকেশ বৰুৱা, সহযোগী অধ্যাপক দীপক বৰ্মন, যশস্বী সাহিত্যিক অশ্বিনী বেজবৰুৱা, বিশিষ্ট সাহিতিক পবিত্ৰ কুমাৰ শৰ্মা  উপস্হিত থাকিব। এই  কাৰ্যাসূচীত সকলোৰে উপস্হিতি কামনা কৰিছে আয়োক সমিতিয়ে লগতে আহ্বায়ক বাবুল ৰাজবংশীয়ে  ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা