জামুগুৰিহাটৰ সমাজ প্ৰাণ জগত চন্দ্র দাসৰ জন্ম শতবৰ্ষ উদযাপন

শতাধিক অনুষ্ঠানৰ উষ্ম অভিনন্দন

প্ৰকাশ পালে অভিনন্দন গ্ৰন্থ 'ওলগ'

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,৭ জানুৱাৰী: সমাজ, সাহিত্য, সংস্কৃতিৰ উৰ্বৰ ভূমি, নামঘৰ নগৰী জামুগুৰিহাটৰ এগৰাকী বিশিষ্ট সমাজ কৰ্মী, কৃতী শিক্ষক জগত চন্দ্ৰ দাসে আজি ৭ জানুৱাৰীত  শত বৰ্ষত ভৰি দিলে। সেই উপলক্ষে জামুগুৰিহাটৰ প্ৰাচীন আধ্যাত্মিক অনুষ্ঠান জামুগুৰি বাৰেচহৰীয়া ৰাইজ সভাৰ উদ্যোগত তেখেতৰ সৰুভগীয়াৰ বাসগৃহ অনুষ্ঠিত হয়  ৰাজহুৱা সম্বৰ্দ্ধনা আৰু অভিনন্দন গ্ৰন্থ উন্মোচনী সভা। উল্লেখ্য যে এইগৰাকী প্ৰবীণ সমাজ হিতৈষীয়ে সৰুভগীয়া প্ৰাথমিক বিদ্যালয়, জামুগুৰি মডেল স্কুলকে ধৰি অঞ্চলটোৰ বহুকেইখন অগ্ৰণী প্ৰাথমিক বিদ্যালয়ত শিক্ষা দান কৰি মূল্যবোধৰ শিক্ষাৰে মানৱ সম্পদ গঢ়াত আত্মনিয়োগ কৰিছিল।  বাৰেচহৰীয়া ৰাইজ সভাৰ এগৰাকী একান্ত সেৱক, ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাৰ বিভিন্ন সময়ত উদ্ যাপন সমিতিৰ বিশেষ দায়িত্ব গ্ৰহণ কৰি ১৯৬১ চনত প্ৰধান সম্পাদক আৰু ২০০৭ বৰ্ষত কাৰ্যকৰী সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি বাৰেচহৰীয়া ভাওনাক সাৰ্বজনীন মাত্ৰা প্ৰদানত বিশেষ অৰিহণা আগবঢ়াইছিল। উদ্ যাপন সমিতিৰ সম্পাদক জয়ন্ত দাসে আঁত ধৰা সভাখনত সভাপতি আসন গ্ৰহণ কৰে বাৰেচহৰীয়া ৰাইজ সভাৰ সভাপতি অতুল চন্দ্র হাজৰিকাই। প্ৰায় পাঁচ শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত উক্ত সভাখনত মুখ্য অতিথি হিচাপে চতিয়া বিধান সভাৰ বিধায়ক পদ্ম হাজৰিকা, বিশিষ্ট অতিথি হিচাপে জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ হেমন্ত বৰা, জামুগুৰি মডেল স্কুলৰ অৱসৰী কৃতী শিক্ষক গোলাপ বৰুৱা আৰু অভিনন্দন গ্ৰন্থ উন্মোচক হিচাপে বিশিষ্ট চিন্তাবিদ, বাৰেচহৰীয়া ভাওনা কমিটিৰ প্ৰাক্তন সভাপতি ভবেন বৰাই আসন অলংকৃত কৰে। আজিৰ অনুষ্ঠানটিত প্ৰৱীন সমাজকৰ্মী,শতবৰ্ষ গৰকা জগত চন্দ্ৰ দাসলৈ সম্বৰ্দ্ধনা জ্ঞাপন কৰে বাৰেচহৰীয়া ভাওনা কমিটি, বাৰেচহৰীয়া ৰাইজ সভা, বাপুজী ভৱন নাট্য সমাজ, আলাপ জামুগুৰিহাট, সৰুভগীয়া গাঁও উন্নয়ন সমিতি, সৰুভগীয়া যুৱক সংঘ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বণিয়া চুবুৰী প্ৰাথমিক, অভিযাত্ৰী কলা কেন্দ্র, জামুগুৰি সাহিত্য সম্মিলনী, জামুগুৰি সাহিত্য সভা, জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, জামুগুৰি মডেল স্কুল, সৰুভগীয়া প্ৰাথমিক বিদ্যালয়, ন দুৱাৰ সত্ৰ মহাসভা, শ্যামলী লেখিকা সমাৰোহ সমিতি, আখৰা, সুন্দৰম সাংস্কৃতিক গোষ্ঠী, জামুগুৰি ব্যৱসায়ী সন্থা, কুসুমটোলা ব্যৱসায়ী সন্থা, ডেকাসুন্দৰ গাঁও উন্নয়ন সমিতি, মধুপুৰ গাঁও উন্নয়ন সমিতি, জামুগুৰি কবি মঞ্চ, কৰতিপাৰ সত্ৰ সংৰক্ষণ সমিতি, বাৰেচহৰীয়া ৰাইজ সভাৰ অন্তৰ্ভুক্ত ১৬ খন শাখা সমাজ, মহিলা আৰু যুৱ সভা, জামুগুৰি পৰিপূৰক স্বাস্থ্য কেন্দ্রকে ধৰি প্ৰায় শতাধিক অনুষ্ঠানৰ লগতে বিধানকে পদ্ম হাজৰিকা, ভবেন বৰা, সৰ্বেশ্বৰ হাজৰিকা, ডা: হৰেন শইকীয়া, হেমন্ত বৰা, প্ৰেম নাৰায়ণ গোস্বামী, কমার্স কলিতা, ফণিন্দ্ৰ ভূঞা, প্ৰমুখ্যে অৰ্ধ শতাধিক গুণমুগ্ধই। শংকৰী শিল্পী প্ৰেশৱ কলিতাৰ পৰিচালনাত যুৱতীৰ দ্বাৰা এটি বৰগীতেৰে আৰম্ভ হোৱা সভাখনত মূল বক্তা সকলৰ উপৰিও বাৰেচহৰীয়া ভাওনা কমিটিৰ সভাপতি ভৱ গোস্বামী, বিশিষ্ট নিৱন্ধকাৰ প্ৰেম নাৰায়ণ গোস্বামী, কমল ৰাজবংশী প্ৰমুখ্যে বহুকেইজন গুণমুগ্ধই শুভেচ্ছা মূলক বক্তব্য আগবঢ়াই।অনুষ্ঠানটোৰ আৰম্ভণিতে পৰিয়ালবৰ্গৰহৈ আদৰণি ভাষণ দান কৰে মহেশ্বৰ কাকতিয়ে। যুৱ লেখক তথা বাৰেচহৰীয়া যুৱ সভাৰ সভাপতি মিংকু কলিতা আৰু খগেন হাজৰিকাই সম্পাদনা কৰা  ১২০ পৃষ্ঠাৰ সচিত্র অভিনন্দন গ্ৰন্থখন উন্মোচন কৰি অশীতিপৰ, জামুগুৰিহাটৰ বিবেক স্বৰূপ ভবেন বৰা অভিভূত হৈ পৰে। এক গাম্ভীর্য পূৰ্ণ পৰিবেশত অনুষ্ঠিত সভাখন সফল কৰি তোলা সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছে পৰিয়ালৰ বৰ্গ আৰু উদ্যোক্তা সকলে।
জোন বৰা,জামুগুৰিহাট।

Comments