নগাঁৱত প্ৰাইজমানি দিবা-নৈশ বেডমিণ্টনৰ সামৰণি#
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৬ জানুৱাৰীঃ নগাঁও চহৰৰ ফৌজদাৰীপট্টীৰ ড্ৰিম জিমৰ সমীপত মুকলি আকাশৰ তলত প্ৰয়াত সমাজকৰ্মী আব্দুল গফুৰৰ সোঁৱৰণত তেওঁৰ নাতি-নাতিনী সকলে আয়োজন কৰা সদৌ অসম প্ৰাইজমানি দিবা-নৈশ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ একক শাখাত ৰাজশ্বেখৰ দাস আৰু মহিলাৰ শাখাত বনশ্ৰী বৰদলৈয়ে চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰিছে । পুৰুষৰ ফাইনেলত ৰাজশ্বেখৰ দাসে কিংশুক কিঞ্জল বৰাক পৰাজিত কৰাৰ বিপৰীতে মহিলাৰ ফাইনেলত বনশ্ৰী বৰদলৈয়ে অৰ্চনা বৰাক পৰাজিত কৰে । আনহাতে, জুনিয়ৰৰ ল'ৰাৰ একক শাখাত হিমেশ বৰা চূড়ান্ত বিজয়ী হৈছে । ফাইনেলত হিমেশে হীৰকজ্যোতি নাথক পৰাজিত কৰে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ডেৰশৰো অধিক খেলুৱৈ(ল'ৰা-ছোৱালী)য়ে ভাগ লোৱা এই প্ৰতিযোগিতাখনিৰ সামৰণি অনুষ্ঠানত ক্ৰীড়া সংগঠক আছলাম হোছেইন, সমাজকৰ্মী আহছান আহমেদ, আফ্ৰিদী আহমেদ, অনিষা আহমেদ, আকছা আহমেদ আদিয়ে বিভিন্ন বঁটাসমূহ বিতৰণ কৰে । উল্লেখ্য যে, প্ৰাঞ্জল বৰা আৰু সন্দীপন হাজৰিকাই প্ৰতিযোগিতাৰ খেলসমূহ পৰিচালনা কৰিছিল।
==================
Comments
Post a Comment