কোচ ৰাজবংশী জনগোষ্ঠীয়ে এতিয়া বন্দুক দেখি ভয় নকৰে- ত্ৰিদীপপতি সিংহ

বিটিআৰৰ পৰা গাওঁ কৰ্তন, জনজাতিকৰণৰ দাবীত বঙাইগাঁৱত যুৱ-ছাত্ৰ সন্মিলনীৰ উদ্যোগত গণ সমাবেশ 

কোচ ৰাজবংশী জনগোষ্ঠীয়ে এতিয়া বন্দুক দেখি ভয় নকৰে- ত্ৰিদীপপতি সিংহ 

যোগ্য সংগ্ৰামী ব্যক্তিকলৈ কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ গঠন কৰক- ত্ৰৈলোক্য ৰায়    

বঙাইগাঁওঃ২২ জানুৱাৰীঃ কোচ ৰাজবংশী জনগোষ্ঠীয়ে এতিয়া বন্দুক দেখি ভয় নকৰে ৷ পূৰ্বতে জনগোষ্ঠীটোৰ লগত বহুতো প্ৰতাৰণা কৰা হ'ল ৷ নিজ মাতৃ ভূমিতে বিটিচি আৰু শেহতীয়াকৈ বিটিআৰ গঠনৰ নামত জনগোষ্ঠীটোৰ নিজ অধিকাৰ কাঢ়ি লোৱা হ'ল ৷ কিন্তু নিজৰ প্ৰাপ্য অধিকাৰ ঘুৰাই পোৱাৰ ক্ষেত্ৰত কোচ-ৰাজবংশী জনগোষ্ঠীয়ে এতিয়া কাকো ভয় নকৰা হৈছে ৷ কোনোবাই বন্দুক দেখুৱালে জনগোষ্ঠীটো এতিয়া তাৰ প্ৰত্যুত্তৰ দিবলৈ সাজু আছে ৷ এই মন্তব্য সদৌ অসম কোচ-ৰাজবংশী যুৱ - ছাত্ৰ সন্মিলনীৰ মুখ্য উপদেষ্টা ত্ৰিদীপ পতি সিংহৰ ৷ আজি( শুকুৰবাৰে) সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ উদ্যোগত বঙাইগাঁও চহৰৰ বৰপাৰা ৰাজহুৱা খেল পথাৰত বিটিআৰৰ পৰা গাঁও কৰ্তন ,যোগ্য সংগ্ৰামী ব্যক্তিকলৈ কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ গঠন ,কোচ ৰাজবংশী জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ আৰু সাংবিধানিক সুৰক্ষাৰ দাবীত আয়োজন কৰা এখন বিশাল গণ সমাৱেশত সংগঠনটোৰ মুখ্য উপদেষ্টাগৰাকীয়ে এই মন্তব্য কৰে ৷ সংগঠনটোৰ মুখ্য উপদেষ্টা ত্ৰিদীপপতি সিংহই নিজৰ ভাষণত কয় যে আজি বিটিআৰৰ পৰা গাঁও কৰ্তনৰ বাবে আন্দোলন আৰম্ভ হৈছে ৷ কিন্তু মই বিএচিয়ে হওক ,বিটিচিয়ে হওক বা বিটিআৰয়েই হওক কোনো এটাকে সমৰ্থন নকৰো ৷ বিএচিকো সমৰ্থন কৰা নাই , বিটিচিকো কৰা নাই আৰু বিটিআৰকো সমৰ্থন নকৰো ৷ বৰং গোটেই জীৱন ইয়াৰ বিৰুদ্ধে বিৰোধিতা কৰি যাম ৷ কিন্তু জীৱনত যদি কোনোবা দিনা সুযোগ পাও ,তেতিয়াহলে মই এই বিটিআৰকো ভংগ কৰাৰ বাবেহে যুঁজ দিম ৷ তাৰ কাৰণে উচ্চতম ন্যায়ালয়ৰ ওচৰ চাপিম ৷ কাৰণ এই অঞ্চলটো পূৰ্বে কমতাপুৰ নামেৰে জনাজাত আছিল ৷ এই অঞ্চলটোক কোচ ৰাজবংশী ৰজাই ৰাজত্ব আৰু শাসন কৰিছিল আৰু এই কথা ইতিহাসত লিখা আছে ৷ এই অঞ্চলটো কোচ ৰাজবংশীসকলৰ ঐতিহাসিক পিতৃ ভূমি ৷ গতিকে কোচ ৰাজবংশীসকলৰ এই ঐতিহাসিক পিতৃ ভূমিত বড়োলেণ্ড নামটো কোনোবাই লেতিয়াই দিলেই যে আমি তাক সমৰ্থন কৰিম সেয়া কেতিয়াও হ'ব নোৱাৰে ৷ সেয়ে আমাৰ এই আন্দোলনটো বড়োলেণ্ড শব্দটো উঠি নোযোৱালৈকে চলি থাকিব ৷ মুখ্য উপদেষ্টাগৰাকীয়ে কয় যে যেতিয়া বিটিচি গঠন হয় তেতিয়া অসম চৰকাৰৰ তেতিয়াৰ কেবিনেট মন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ অধ্যক্ষতাত এখন তিনিজনীয়া সীমা নিৰ্দ্ধাৰণ সমিতি গঠন কৰি দিছিল ৷ কিন্তু দুৰ্ভাগ্যজনক কথা এয়ে যে ডাঃ ভূমিধৰ বৰ্মনে সেই সময়ত কোচ ৰাজবংশীকে ধৰি আন অনাবড়ো জনসাধাৰণৰ কোনো কথাই শুনা নাছিল ৷ আমাৰ লগতে বহুতে তেওঁক লগ ধৰি বিটিচি গঠনৰ আপত্তি কৰাৰ লগতে অনাবড়ো বসতি প্ৰধান গাঁওসমূহ বিটিচিত অন্তৰ্ভূক্তিকৰণৰ বিৰোধিতা কৰি আবেদন জনাইছিলো যদিও হাগ্ৰামা মহিলাৰীৰ বন্দুকৰ ভয়ত আমাৰ গাঁওসমূহো অন্তৰ্ভূক্ত কৰি দিয়ে ৷ সেই তেতিয়াৰে পৰা আমাৰ মানুহে কিদৰে জীৱন নিৰ্বাহ কৰি আছে সেই কথা কেৱল তেওঁলোকেহে জানে ৷ এতিয়া বিটিআৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পিচত অনাবড়ো বসতি প্ৰধান গাঁও কৰ্তনৰ এটা ব্যৱস্থা ৰাখিছে আৰু সেই অনুসৰি গাঁও কৰ্তনৰ বাবে চৰকাৰে এখন আয়োগ গঠন কৰি দিছে ৷ সেইমতে গাঁও কৰ্তন হ'ব লাগে যদিও এটা চক্ৰই ইয়াৰ বিৰোধিতা কৰিবলৈ উঠি পৰি লাগিছে ৷ বিভিন্ন অঞ্চলত গৈ ৰাইজক বিটিআৰৰ পৰা ওলাই যাব নোৱাৰিবি বুলি ধমকি পৰ্যন্ত দিছে ৷ আমি তোমালোকৰ গোলাম নহয় ৷ বন্দুকৰ দিন উকলি গৈছে ৷ আমাক ভয় দেখুৱালে আমিও তাৰ বাবে সাজু থাকিব লাগিব ৷ বিভিন্ন পক্ষৰ ধমক তথা ষড়যন্ত্ৰক ওফোৰাই আমাৰ যিসকল অনাবড়ো বসতি প্ৰধান গাঁৱৰ ৰাইজ বিটিআৰৰ পৰা ওলাই আহিব বিচাৰিছে তেওঁলোকে ওলাই আহিব লাগিব আৰু বিটিআৰত নাথাকো বুলি প্ৰমাণ কৰিব লাগিব ৷ বিটিচি গঠনৰ পিচৰে পৰা ৰাজনৈতিক ,সামাজিক , ভূমি আদি সকলো অধিকাৰৰ পৰা বঞ্চিত হৈ জেলৰ ভিতৰত বসবাস কৰি থাকিবলগীয়াৰ দৰে অৱস্থা হোৱা লোকসকলক উদ্ধাৰ কৰি অনাৰ বাবেই এই গণ সমাৱেশৰ আয়োজন কৰা বুলি কৈ প্ৰয়োজনত বিটিএডিৰ কোকৰাঝাৰ ,চিৰাং, বাক্সা আদি জিলাতো এইদৰে গণ সমাৱেশ আয়োজন কৰা হ'ব বুলিও কয় আৰু অনাবড়ো বসতি প্ৰধান গাঁওসমূহ বিটিআৰৰ পৰা কৰ্তন কৰিবলৈ চৰকাৰক দাবী জনায় ৷ লগতে এই ক্ষেত্ৰত ঐক্যবদ্ধ আন্দোলনৰ পোষকতা কৰে ৷ আনহাতে কোচ ৰাজবংশী জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণৰ দাবী জনাই মুখ্য  উপদেষ্টাগৰাকীয়ে কয় যে কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিব নালাগে ৷ কোচ ৰাজবংশীসকল জনজাতিয়েই৷কেৱল যিখন জনজাতিকৰণৰ তালিকা আছে তাতে নামটোহে অন্তৰ্ভূক্ত কৰিব লাগে ৷ কাৰণ কোচ ৰাজবংশীসকল জনজাতি বুলি ইতিমধ্যে ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউত , ভাৰতৰ মহাপঞ্জীয়ক আদিয়ে কৈছেই ৷ নেতাগৰাকীয়ে আৰু কয় যে দীৰ্ঘদিন ধৰি জনগোষ্ঠীটোৰ জনজাতিকৰণৰ দাবীত আন্দোলন চলি আছে যদিও এইবাৰৰ শাসকীয় চৰকাৰখনে এই ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপক আমি আদৰণি জনাইছো ৷ কাৰণ ট্ৰাইবেল সংঘ আদিকে ধৰি যিসকলে জনজাতিকৰণৰ ক্ষেত্ৰত বিৰোধিতা কৰি আহিছে তেওঁলোকৰ সৈতে চৰকাৰে বহি এক আলোচনা কৰি পদক্ষেপ গ্ৰহণ কৰিছে ৷ সেয়ে অন্তত এবাৰ অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰাৰ সম্ভাৱনা দেখা দিছে ৷ কিন্তু নোহোৱালৈকে আমি নকও যে চৰকাৰে আমাক জনজাতিকৰণ কৰিবই ৷ কাৰণ আমি বহু ঠগ খাইছো ৷ ইপিনে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদখন জনগোষ্ঠীটোৰ যোগ্য সংগ্ৰামী ব্যক্তিকলৈ গঠনৰ দাবী জনাই সংগঠনটোৰ মুখ্য উপদেষ্টাগৰাকীয়ে কয় যে চৰকাৰে অবিভক্ত গোৱালপাৰা জিলাক সামৰি এই স্বায়ত্ত শাসিত পৰিষদখন গঠনৰ বাবে আগবাঢ়িছে ৷ যদিওবা অবিভক্ত গোৱালপাৰা জিলা বুলি কৈছে তাৰে আকৌ ৰাভা হাচং আৰু বিটিচি এলেকাক বাদ দিছে ৷ ফলত এক ক্ষুদ্ৰ পৰিসৰকলৈ এই স্বায়ত্ত শাসিত পৰিষদখন গঠন কৰাৰ বাবে চৰকাৰে ইতিমধ্যে আইন গৃহীত কৰিছে ৷ তথাপিতো আমি ইয়াক আদৰণি জনাইছো ৷ কাৰণ কমতাপুৰৰ দাবীত আন্দোলন কৰি অহা হৈছে যদিও যেতিয়াই আন্দোলন তীব্ৰতৰ হয় তেতিয়াই চৰকাৰে এবাৰ দুবাৰ দিল্লীলৈ মাতি নি আলোচনা কৰি পিচত সকলো ডাষ্টবিনত দলিয়াই দিয়ে ৷ গতিকে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ গঠন কৰিবলৈ লোৱাত কমতাপুৰৰ যে নাৰ্যতা আছে তাকে চৰকাৰে সাংবিধানিকভাৱে স্বীকৃতি দিলে ৷ ইপিনে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদখন গঠনৰ বাবে ছমাহৰ বাবে যিখন অন্তৰ্ৱৰ্তীকালীন পৰিষদ গঠন কৰিব সেই পৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্য ,কাৰ্যবাহী সদস্য আদিৰ বাবে ছয়শমান ব্যক্তি ওলোৱা বুলি উল্লেখ কৰি চৰকাৰে যিখিনি মানুহকলৈ পৰিষদখন গঠন কৰিব বিচাৰিছে সেইখিনি মানুহে যাতে নিজে নিজকে শাসন কৰাৰ সুবিধা পায় কাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় ৷ গতিকে চৰকাৰে কি কৰে তাৰ ওপৰত আমি নজৰ ৰাখিব লাগিব আৰু সেই অনুসৰি আমি ভৱিষ্যতৰ কাৰ্যপন্থা গ্ৰহণ কৰিব লাগিব ৷ লগতে কয় যে যিহেতু ইয়াত বিভিন্ন জাতি - জনগোষ্ঠী থাকিব, সেয়ে সকলোকে লগত লৈহে আমি আগবাঢ়িব লাগিব বুলিও কয় ৷ নেতাগৰাকীয়ে স্বায়ত্ত শাসিত পৰিষদখন বিধান সভা নিৰ্বাচনৰ পূৰ্বে গঠন কৰিবলৈকো দাবী জনায় ৷ 
গণ সমাৱেশত ভাষণ দি সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি ত্ৰৈলোক্য ৰায়ে কয় যে আমি এই গণ সমাৱেশৰ জৰিয়তে চৰকাৰক জনাই দিব বিচাৰিছো যে বিটিআৰ চুক্তিৰ জৰিয়তে যিখিনি যুক্তি সংগত গাঁও সেই গাঁওসমূহ অতি শীঘ্ৰে ওলাই দিয়ক আৰু এই কামখিনি সোনকালে সমাধান কৰক ৷ সভাপতিগৰাকীয়ে লগতে বিটিআৰৰ পৰা গাঁও কৰ্তনৰ ক্ষেত্ৰত বিপিএফ দলৰ অসম চৰকাৰৰ মন্ত্ৰী চন্দন ব্ৰহ্মই কিছুমান জনবিৰোধী কাম কৰি থকা বুলি কৈ এনে জনবিৰোধী কামসমূহ শীঘ্ৰে বন্ধ কৰিবলৈ সকিয়াই দিয়ে ৷ কাৰণ জন প্ৰতিনিধিনৰ এনে চৰিত্ৰ হ'ব নোৱাৰে ৷ এনে ব্যক্তিৰ কাৰণেই আমাৰ লোকসকলে সেই অঞ্চলত কেৱল ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাহিৰে সকলো সুবিধাৰ পৰা বঞ্চিত হৈ দ্বিতীয় শ্ৰোণীৰ নাগৰিক হিচাপে জীৱন- যাপন কৰিবলগীয়া হৈছে বুলি ক্ষোভ ব্যক্ত কৰে ৷ সভাপতিগৰাকীয়ে মন্ত্ৰী চন্দন ব্ৰহ্মই গাঁও কৰ্তনৰ বিৰোধিতা কৰিবলৈ একাংশ লোকক উচতনি দিয়া বুলি কৈ নিজৰ ৰাজনৈতিক জীৱনকলৈ যে মন্ত্ৰীগৰাকী শংকিত হৈছে সেয়া ইয়াৰ দ্বাৰা প্ৰকাশ পাইছে বুলিও কয় ৷ লগতে গাঁও কৰ্তনৰ ক্ষেত্ৰত যি ৰাজনৈতিক দলে বিৰোধিতা কৰে বা সহযোগ নকৰে তেনে দলক সমাগত নিৰ্বাচনত সহযোগ নকৰাৰ লগতে শাসনৰ গাদীৰ পৰা নমাই দিয়াৰ বাবে সংকল্প লবলৈকো উপস্থিত ৰাইজক আহ্বান জনায় ৷ ইপিনে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ গঠনৰ ক্ষেত্ৰত চৰকাৰক পৰিষদ গঠনৰ যি আইন সেই আইনৰ নীতি-নিয়ম মানি গঠন কৰিবলৈ দাবী জনায় ৷ নেতাগৰাকীয়ে কয় যে অন্তৰ্ৰৱৰ্তীকালীন পৰিষদখনো সেইমতে গঠন কৰিব লাগিব ৷ চৰকাৰে পৰিষদখন গঠনৰ ক্ষেত্ৰত যাতে কোনো নীতি বিৰুদ্ধ কাম নকৰে ৷ কাৰণ স্ব- শাসনৰ যিটো প্ৰকৃত অৰ্থ সেইটো আমাৰ মানুহে পাব লাগে ৷ সেয়ে পৰিষদখন যোগ্য সংগ্ৰামী ব্যক্তিকলৈ তথা কমতাপুৰ স্বায়ত্ত শাসিত অঞ্চলৰ ভোটাৰ বা ব্যক্তিৰ দ্বাৰাহে যাতে গঠন কৰা হয় তাৰ বাবে চৰকাৰক দাবী জনায় ৷ সভাপতিগৰাকীয়ে জনগোষ্ঠীটোৰ লোকসকললৈ সংকট আহি পৰিছে বুলি উল্লেখ কৰি ভূমিৰ পৰা সাংস্কৃতিক ,ৰাজনৈতিক আদি সকলো দিশতে সুৰক্ষাৰ দাবী জনায় ৷ এই ক্ষেত্ৰত জনজাতিকৰণৰ যোগেদিও সাংবিধানিক সুৰক্ষা প্ৰদান কৰিব পাৰে বুলি মন্তব্য কৰি জনগোষ্ঠীটোক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবী জনায় ৷

 গণ সমাৱেশত ভাষণ দি কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি অতুল ৰায়ে কয় যে ২০০৩ চনত যেতিয়া বিটিচি গঠন হয় তেতিয়াৰ পৰাই আমি ইয়াৰ বিৰোধিতা কৰি আহিছিলো ৷ এতিয়া বিটিআৰ হ'ল আৰু গাঁও কৰ্তনৰ বাবে এটা ব্যৱস্থা কৰা হৈছে ৷ কিন্তু কথা হ'ল গাঁও কৰ্তনৰ ক্ষেত্ৰত কেৱল সংগঠনসমূহৰ ওপৰতে দায়িত্ব দিলে নহ'ব ৷ এইক্ষেত্ৰত ৰাইজৰ সহযোগ লাগিব আৰু সচেতন হ'ব লাগিব ৷ ৰাইজে চৰকাৰক জনাই দিব লাগিব যে তেওঁলোতে বিটিআৰত নাথাকে বুলি ৷ তেতিয়াহে এয়া সম্ভৱ হ'ব ৷ সভাপতিগৰাকীয়ে লগতে কয় যে গাঁও কৰ্তন কৰাটো যিমান টান তাৰ বিপৰীতে কিন্তু নতুনকৈ গাঁও অন্তৰ্ভূতি সীমানে সহজ ৷ কাৰণ বিটিআৰ চুক্তিত গাঁও কৰ্তনৰ লগতে গাঁও অন্তৰ্ভূক্তিৰ কথাটো উল্লেখ আছে ৷ সেয়ে আমি দুয়োটা দিশে চাব লাগিব ৷ লগতে গাঁও কৰ্তনৰ বিষয়ত সংগ্ৰাম সমিতিৰ সমৰ্থন আছে বুলিও কয় ৷ ইপিনে জনজাতিকৰণৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰে কিছু পদক্ষেপ গ্ৰহণ কৰিছে আৰু কেনেকৈ সমস্যাটো সমাধান কৰিব তাৰ বাবে এটা নতুন প্ৰক্ৰিয়াৰে আগবাঢ়িছে ৷ সেয়ে আমি সমাগত বিধান সভা নিৰ্বাচনৰ পূৰ্বে জনগোষ্ঠীটোৰ জনজাতিকৰণৰ বাবে সকলো সংগঠনে চৰকাৰক দাবী জনাই অহা বুলি কয় ৷ আনহাতে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদখন গঠনৰ ক্ষেত্ৰত বিতৰ্ক এৰি চলি আগবঢ়াৰ পোষকতা কৰে ৷ সংগ্ৰাম সমিতিৰ সভাপতিগৰাকীয়ে জনগোষ্ঠীটোৰ জাতীয় সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত সমিলমিলেৰে আগবাঢ়ি যোৱাৰো পোষকতা কৰে ৷ বঙাইগাঁও জিলা কোচ ৰাজবংশী যুৱ- ছাত্ৰ সন্মিলনীৰ সভাপতি হিতেশ সিংহই আদৰণি ভাষণ আগবঢ়োৱা গণ গমাৱেশত উত্তৰ শালমাৰা জিলা যুৱ- ছাত্ৰ সন্মিলনীৰ সভাপতি দ্বীপেন ৰায়, বিজনীৰ পাৰ্থজিৎ ৰায় ,আয়োজক সমিতিৰ সভাপতি হৰমোহন মেধী , উপদেষ্টা ছত্ৰ সিং চৌধুৰী , জিলা কোচ ৰাজবংশী মহিলা সন্মিলনীৰ সাধাৰণ সম্পাদিকা জয়াৰাণী অধিকাৰী আদিয়ে মূল বিষয়ৰ ওপৰত বক্তব্য ৰাখে ৷ গণ সমাৱেশৰ আৰম্ভণিতে সংগঠনটোৰ সভাপতি ত্ৰৈলোক্য ৰায়ে পতাকা উত্তোলন কৰাৰ বিপৰীতে সাধাৰণ সম্পাদক ধৰ্মেন্দ্ৰ ৰায়ে শ্বহীদ তৰ্পন কৰে ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা