কৃষ্ণাইত নৰপতি জাতীয় বিদ্যালয়ৰ শুভ উদ্বোধনী অনুষ্ঠান সম্পন্ন

৭২ সংখ্যক গণৰাজ্য দিৱসৰ দিনাখনে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ বুকুত প্ৰতিষ্ঠা লাভ কৰিলে এখন নৱ শিক্ষানুষ্ঠানে ৷ উদীয়মান যুৱক মফিজুল ইছলাম (মণি)ৰ একক প্ৰচেষ্টাত কৃষ্ণাই মোলানডুবিত প্ৰতিষ্ঠা লাভ কৰা শিক্ষানুষ্ঠান খনৰ নাম
নৰপতি জাতীয় বিদ্যালয় ৷ এই উপলক্ষে আজি পুৱা শিক্ষানুষ্ঠানখনৰ চৌহদত এখন উদ্বোধনী সভাৰ আয়োজন কৰা হয় ৷ অনুষ্ঠানত পুৱা ৮-৩০ বজাত গণতন্ত্ৰ দিৱস উপলক্ষে জাতীয় পতাকা উত্তোলন কৰে আলহাজ আনোৱাৰ হুছেইনে ৷ ১০ বজাত নৰপতি জাতীয় বিদ্যালয়ৰ দ্বাৰ মুকলি কৰে পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়,আমজোঙাৰ অধ্যক্ষ ড° নৱজ্যোতি শৰ্মাই ৷ ১০ বজাৰ পৰা অনুষ্ঠিত হয় উদ্বোধনী সভা ৷ অৱসৰপ্ৰাপ্ত বিদ্যালয় পৰিদৰ্শক আলহাজ আনোৱাৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভা খনৰ উদ্দেশ্য ব্যাখ্যা কৰে নৰপতি জাতীয় বিদ্যালয় পৰিযালনা সমিতিৰ সম্পাদক নাছিৰ উদ্দিন আহমেদে ৷ হাব্ৰাঘাট মহাবিদ্যালয়,কৃষ্ণাইৰ অৱসৰপ্ৰাপ্ত অধ্যাপক জোনাৱ আলীয়ে উদ্বোধনী গীত পৰিবেশন কৰা সভাখনত পৰিচালনা সমিতিৰ হৈ ভাষণ প্ৰদান কৰে বিদ্যালয় পৰিচালনা সমিতিৰ কোষাধ্যক্ষ ছাহেৰা বেগম(মীৰা)য়ে ৷ সাংবাদিক নীলমণি শৰ্মাই আঁত ধৰা উদ্বোধনী সভাখনত হাব্ৰাঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মন্টু কুমাৰ দাস, দলগোমা মহাবিদ্যালয়ৰ অধ্যাপক নজৰুল ইছলামকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে 

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, first news report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা