সজাগতামূলক ক্ৰিকেট খেলত ৰঙিয়া মহকুমা প্ৰশাসনৰ হাতত ৭৪ ৰানত পৰাজিত ৰঙিয়া প্ৰেছ ক্লাব

নিচামুক্ত ৰঙিয়াৰ প্ৰয়াস মহকুমা প্ৰশাসনৰ

সজাগতামূলক ক্ৰিকেট খেলত ৰঙিয়া মহকুমা প্ৰশাসনৰ হাতত ৭৪ ৰানত পৰাজিত ৰঙিয়া প্ৰেছ ক্লাব

প্ৰতিবেদক,ৰঙিয়া, ১১ জানুৱাৰীঃ নৱ প্ৰজন্মক মাৰাত্মক ড্ৰাগছৰ কৱলৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্য আগত ৰাখি ৰঙিয়াত আজি মহকুমা প্ৰশাসনৰ উদ্যোগত এখন প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত কৰা হয় ৷ ৰঙিয়া মহকুমা প্ৰশাসন একাদশ আৰু ৰঙিয়া প্ৰেছ ক্লাৱৰ মাজত অনুষ্ঠিত এই প্ৰীতি খেলখনত মহকুমা প্ৰশাসনে প্ৰেছ ক্লাৱক ৭৪ ৰানত পৰাজিত কৰে ৷ মহকুমা প্ৰশাসনে পোনতে বেট ধৰি নিৰ্ধাৰিত ১২ অ’ভাৰত তিনিটা উইকেট হেৰুৱাই মুঠ ১৮১ ৰান সংগ্ৰহ কৰে ৷ মহকুমা প্ৰশাসনৰ হৈ ৰাজিবুল হুছেইনে সৰ্বাধিক ১০৫ ৰান কৰে ৷ প্ৰত্যুত্তৰত মিডিয়া একাদশে ১২ অভাৰত ৭ উইকেট হেৰুৱাই ১০৭ ৰানতে সীমাবদ্ধ হয়। মহকুমা প্ৰশাসনৰ ৰাজিবুল হুছেইনক 'মেন অফ দ্যা মেছ'ৰ বঁটা প্ৰদান কৰা হয় ৷ বঁটা বিতৰণী অনুষ্ঠানত ভাষণ দি মহকুমাধিপতি স্বপ্নীল পালে কয় যে, ৰঙিয়া মহকুমাত ড্ৰাগছৰ প্ৰকোপ তীব্ৰ গতিত বৃদ্ধি পাইছে ৷ সেয়ে এতিয়াৰে পৰা ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে জনজাগৰণ সৃষ্টিৰ উদ্দেশ্যে নানান কাৰ্যসূচী হাতত লোৱা হ’ব, তাৰে অংশ হিচাপে আজি এই প্ৰীতিমূলক ক্ৰিকেট খেলখন মেডিয়াৰ মাজত অনুষ্ঠিত কৰি নিচামুক্ত ৰঙিয়া গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে।আনহাতে নৱপ্ৰজন্মক নিজৰ ভোটাধিকাৰ সাৱস্ত কৰি সুস্থ গণতন্ত্ৰ গঠনত অংশীদাৰ হোৱাৰ আহ্বান জনোৱাৰ লগতে নিৰ্বাচনী বিভাগৰ বহুল প্ৰচাৰৰ শলাগ লয়।এইক্ষেত্ৰত মহকুমাধিপতি পালে সমূহ জনসাধাৰণৰ সহায় সহযোগিতা কামনা কৰে।আজিৰ প্ৰীতি ক্ৰিকেট খেলখনত মহকুমা প্ৰশাসনৰ হৈ বিশেষকৈ অংশগ্ৰহণ কৰে মহকুমাধিপতি স্বপ্নীল পাল, মহকুমা নিৰ্বাচন বিষয়া হৃদয় কুমাৰ দাস, ৰাজহ চক্ৰ বিষয়া চন্দন বৰগোহাঁই, মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হেমন্ত কুমাৰ শৰ্মা,গৱেষণা সহকাৰী বিনোদ ৰহাং, নাজিৰ নৃপেন কলিতা, নিৰ্বাচন বিভাগৰ জাকিৰ হুছেইন, মেঘনাদ ভূঞা,ৰাজিবুল হুছেইন, ৰমেশ ব্ৰহ্ম, অমল বৈশ্য, আনহাতে মেডিয়া একাদশ হৈ তাপস সমাদ্দাৰ, অঞ্জন পাটোৱাৰী, নছিউৰ ৰহমান, ইফতাহুল ইছলাম, নয়ন জ্যোতি কলিতা, হানিফ আলী, মহেন্দ্ৰ কলিতা, নৰেন তালুকদাৰ, আবু চালেহ, ইনতাজ হুছেইনে ।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা