শংকৰদেৱ শিশু নিকেতন ,উত্তৰ গুৱাহাটীৰ ২৩ তম প্ৰতিষ্ঠা দিৱস উদযাপন

পঙ্কজ নাথ, চাংসাৰি, ৮ জানুৱাৰী :

কামৰূপ জিলাৰ অন্তৰ্গত তীৰ্থনগৰী উত্তৰ গুৱাহাটীৰ এখন অগ্ৰনী শৈক্ষিক প্ৰতিষ্ঠান উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতন। উত্তৰ কামৰূপৰ ভিতৰতে শৈক্ষিক, সাংস্কৃতিক আৰু ক্ৰীড়াৰ দিশত নিকেতনখন বিশেষ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। ১৯৯৮ চনৰ ৮জানুৱাৰী তাৰিখে প্ৰতিষ্ঠা  লাভ কৰা শংকৰদেৱ শিশু নিকেতন ,উত্তৰ গুৱাহাটীয়ে  আজি ২৩টা বসন্ত অতিক্ৰম কৰিলে । এই উপলক্ষে আয়োজিত অনুষ্ঠানৰ সঞ্চালনা কৰে নিকেতন পৰিচালনা সমিতিৰ  সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে   । অনুষ্ঠানৰ পোনতে বন্তি প্ৰজ্বলন কৰে নিকেতন পৰিচালনা সমিতিৰ সভাপতি  মানস দাস আৰু উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যাপিকা প্ৰতীমা বৰুৱা  ।আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি হিচাবে উপস্থিত থাকে কামৰূপ জিলাৰ সাংবাদিক সন্থাৰ সভাপতি মধুসুদন মেধিয়ে । মূখ্য বক্তাৰ বক্তব্যত মধুসুধন মেধিয়ে মাতৃভাষাৰ বিদ্যালয়খনে সংস্কাৰযুক্ত বিদ্যাৰ জড়িত মানৱ সম্পদ গঢ়াত অতুলনীয় বৰঙনি আগবঢ়াবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে । আজিৰ অনুষ্ঠানত উত্তৰ গুৱাহাটী মহাবিদ্যালয় অধ্যাপিকা প্ৰতিমা বৰুৱাই  বক্তব্যত নিকেতনখনে ২৩ বছৰীয়া পৰিক্ৰমাত জ্ঞানৰ জ্যোতিৰে অঞ্চলটোত মানৱ সম্পদৰ ভড়াল গঢ়িছে। ইয়াৰ বাবে তেওঁ আচাৰ্য আচাৰ্যাবৃন্দৰ সেৱা লগতে পৰিচালনা সমিতিৰ নিৰবিচ্ছিন্ন প্ৰচেষ্টাৰ বাবে শলাগ লয়। সভাত উপস্থিত থকা উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ সম্পাদক ৰূপক ডেকাই ২৩ তম প্ৰতিষ্ঠা দিৱসৰ শুভাশিস জনোৱাৰ লগতে অনাগত সময়ত নিকেতনখন অসমৰ ভিতৰতে এখন লেখতলবলগীয়া নিকেতন হিচাপে গঢ় দিয়াৰ প্ৰয়াসক শলাগে। 
প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি "নন্দন কানন" নামৰ এখনি বাগিচাৰো আজি উন্মোচন কৰা হয় । নিকেতন পৰিচালনা সমিতিৰ উপসভাপতি তথা ষ্টেট বেঙ্ক অৱ ইণ্ডিয়াৰ অৱসৰ প্ৰাপ্ত বিষয়া কুলেন বড়ো  ফুলৰ পুলি ৰোপন কৰে তেওঁক সহযোগ কৰে মাতৃ ভাৰতীৰ সম্পাদিকা গীতালি পাঠকে । উদ্যানখন উন্মোচন কৰি বিশিষ্ট সমাজকৰ্মী কুলেন বড়োৱে কয়   শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটী অসমৰ শিক্ষা জগতৰ এখন জাকত-জিলিকা অনুষ্ঠানলৈ পৰিণত হৈছে । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি নীপামণি বৰদলৈ আচাৰ্যা ৰচনা আৰু সুৰ কৰা এটি বন্দনা পৰিবেশ কৰা হয়। অনুস্থানৰ শেষত পূৰ্ণতা মন্ত্ৰৰে অনুষ্ঠানৰ সামৰণি কৰা হয় ।

কামৰূপ ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা