মৈৰাবাৰীত কৃতি ছাত্ৰীক স্কুটি প্ৰদান

মৰিগাঁও জিলাৰ মৈৰাবাৰীত আজি অসম চৰকাৰৰ প্ৰজ্ঞান  ভাৰতী আচনিৰ ড০ বাণীকান্ত কাকতি বটা, স্কুটি প্ৰদান কৰা হয়। ফকিৰ মটৰ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা বটা বিতৰণি সভা খন সঞ্চালনা কৰে শিক্ষক আজাহাৰ উদ্দিন আহমেদে। 
মৈৰাবাৰীৰ ফকিৰ মটৰ্চে মৰিগাঁও জিলাৰ বিভিন্ন বিদ্যালয়ৰ ৪০ গৰাকী কৃতি ছাত্ৰীক স্কুটি প্ৰদান কৰে। আজিৰ এই বটা প্ৰদান অনুষ্ঠানত মৈৰাবাৰী ছেকেণ্ডাৰী স্কুলৰ প্ৰধান শিক্ষক নজৰুল ইছলাম, বৰথল দলৈগাঁৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আব্দুল কুদ্দুচ, মৈৰাবাৰী জুনিয়ৰ গাৰ্লচ কলেজৰ অধ্যক্ষ ছালেহা বেগম উপস্থিত থাকে।আজি এই বটা প্ৰদান অনুষ্ঠানত বটা গ্ৰহণ কৰি ছাত্ৰী সকলে অসম চৰকাৰৰ লগতে শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো বিশেষ ভাৱে ধন্যবাদ জ্ঞাপন কৰে। লগতে ছাত্ৰী সকলে আৰু কয় যে এই বটাই ছাত্ৰ ছাত্ৰী সকলক শিক্ষাৰ ক্ষেত্ৰত অধিক উৎসাহিত কৰিব। মৈৰাবাৰী অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক সকল উপস্থিত থকাৰ উপৰিও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা খলিলুৰ ৰহমান আৰু ফকিৰ মটৰ্চৰ স্বত্বাধিকাৰী জাকিৰ হুছেইন উপস্থিত থাকি ছাত্ৰ ছাত্ৰীৰ উদেশ্যে শৈক্ষিক ভাষন প্ৰদান কৰে।মৈৰাবাৰীৰ পৰা মোস্তুফা জামানৰ ৰিপ'ৰ্ট

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা