ধানৰ পিছত এতিয়া খেতিপথাৰত কৃষক ব্যস্ত ৰবিশস্যত≈≈সৰিয়হৰ হালধীয়া ফুলে মনোমোহা কৰি তুলিছে নগাঁৱৰ গ্ৰামাঞ্চলৰ কৃষিভূমি

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৭ জানুৱাৰীঃ এতিয়া ৰবিশস্যৰ বতৰ ৷ আলু, কবি, বেঙেনা, বিলাহী, পিঁয়াজ, গাঁজৰ, মূলা, ফেন্সবিন, সৰিয়হ আদিকে ধৰি নানা প্ৰকাৰৰ শাক-পাচলিৰে কৃষিভূমি উপচি পৰাৰ বতৰ ৷ সম্প্ৰতি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাৰ গ্ৰামাঞ্চলবোৰৰ কৃষিভূমিসমূহো ৰবিশস্যৰে সেউজীয়া হৈ পৰিছে ৷ ইয়াৰ ভিতৰত বিশেষভাবে আলু আৰু সৰিয়হ খেতিয়েই অধিক পৰিমাণে নগঞাৰ কৃষিভূমিত অগ্ৰাধিকাৰ পোৱা পৰিলক্ষিত হৈছে ৷ যাৰ পৰিণতিত সৰিয়হৰ কুমলীয়া পাত আৰু হালধীয়া ফুলে জিলাখনৰ পথাৰসমূহ ভৰি পৰি এক মনোমোহা পৰিবেশৰ সৃষ্টি কৰিছে ৷ যেন নগাঁৱৰ গ্ৰামাঞ্চলৰ পথাৰত কেৱল এতিয়া হালধীয়া দলিচা ৷ স্মৰ্তব্য যে,বিগত কেইবাটাও বছৰৰ তুলনাত এইবেলি প্ৰকৃতি ধানখেতিৰ বাবে অনুকূল হোৱাত সকলো নগঞা কৃষকেই কম-বেছি পৰিমাণে হ’লেও ধানখেতি সুকলমে কৰিবলৈ সক্ষম হ’ল । গতিকে স্বাভাবিকতেই উৎফুল্লিত হৈ পৰা এই কৃষকসকলে বৰ্তমান ধানখেতি সামৰি পুৰাদ্দমে ৰবিশস্যৰ খেতিত একাত্মভাবে মনোনিবেশ কৰিছে ৷ এইসকল অতি কষ্টসহিষ্ণু কৃষকে সম্পূৰ্ণ যুদ্ধংদেহী মনোভাবেৰে অলেখ আশা বুকুত বান্ধি প্ৰৱল উৎসাহ সহিতে অসমৰ আন আন ঠাইৰ দৰে নগাঁও জিলাটো চৰকাৰে কৃষিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কৃষিখণ্ডৰ  লগতে কৃষকসকল উপকৃত হ’ব পৰাকৈ ৰূপায়ন কৰা অভিলাষী আঁচনিবোৰ গ্ৰহন কৰি ৰবিশস্যৰ বীজ ৰোপন কৰিছে ৷ আনকি কৃষি বিভাগৰ ফালৰ পৰা পৰ্যাপ্ত পৰিমাণৰ বীজ, সাৰ, কীটনাশক আদি যোগান ধৰি কৃষকসকলক উৎসাহিত কৰি তুলিছে ৷ গতিকে জিলাখনৰ অত্যুৎসাহী উদ্যমী কৃষকসকলে এইদৰে শৰীৰৰ ঘাম মাটিত পেলাই হাড়ভগা পৰিশ্ৰম কৰি বৰ্তমান ৰবিশস্যৰে খেতিপথাৰ ভৰাই তুলি যেন সূচনা কৰিছে সেউজ বিপ্লৱৰ ৷ লক্ষণীয় বিষয় যে,এই কৃষক শ্ৰেণীটোৰ বাহিৰেও বহুসংখ্যক শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে চাকৰিৰ আশা মনৰ পৰা ত্যাগ কৰি সম্পূৰ্ণৰূপে কৃষিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কোনো কোনোৱে নিজাববীয়াকৈ নতুবা কোনোয়ে আকৌ সমবায় ভিত্তিত উক্ত গ্ৰামাঞ্চলৰ শ শ বিঘা  কৃষিভূমিত আলু, সৰিয়হ, কবি, মূলা, মাহ আদিকে প্ৰমুখ্য কৰি নানা বিধৰ শাক-পাচলিৰ খেতি কৰি শস্যপথাৰ জাকত জিলিকাকৈ নদন-বদন কৰি সৰ্বত্ৰে উদ্ভৱ ঘটাইছে এক নান্দনিক পৰিবেশৰ ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা