ভৱানীপুৰত অনুষ্ঠিত পহুমাৰা মহোৎসৱৰ সফল সামৰণি

টিম হিউমিনিটিৰ ৰক্তদান আৰু সজাগতা শিবিৰ

 কৃষ্টি-সংস্কৃতি-সাহিত্যক আগত লৈ বজালীৰ ভৱানীপুৰত সাদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত তৃতীয় সংখ্যক পহুমাৰা মহোৎসৱৰ আজি সফল সামৰণি ঘটে। আজি অন্তিম দিনৰ কাৰ্যক্ৰমণিকা মতে, পুৱা ১০ বজাত চিত্ৰাংকন প্ৰতিযোগিতা, পুৱা ১১ বজাত টিম হিউমিনিটি বজালী জিলাৰ উদ্যোগত ৰক্তদান আৰু সজাগতা শিবিৰ অনুষ্ঠিত হয়। ভৱানীপুৰ স্বাস্থ্যকেন্দ্ৰ চিকিৎসক ডাঃ তাৰিফ হুছেইনে সঞ্চলনা কৰা ৰক্তদান আৰু সজাগতা শিবিৰখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে টিম হিউমিনিটিৰ বজালী জিলা সমিতিৰ উপদেষ্টা জয়কান্ত তালুকদাৰ, সভাপতি টিকেন্দ্ৰ দাস, উপ সভাপতি হিৰেণ তালুকদাৰ, ফখৰুদ্দিন আলী আহমদ মহাবিদ্যালয় হাস্পতালৰ ব্লাড বেংকৰ ড° অমৰজ্যোতি দাসকে ধৰি মহোৎসৱৰ সদস্যসকল উপস্থিত থাকে আৰু দুকুৰি লোকে ৰক্তদান কৰে। ইয়াৰ পাছতেই সন্ধিয়া ৬ বজাত তৃতীয় সংখ্যক পহুমাৰা মহোৎসৱৰ সামৰণি সভা অনুষ্ঠিত হয়। তৃতীয় সংখ্যক পহুমাৰা মহোৎসৱ আয়োজক সমিতিৰ সভাপতি পুলকানন্দ তালুকদাৰে সভাপতিত্ব কৰা সভাত সৰভোগ বিধানসভা সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ইপিনে, নিশা ৯ বজাত সাংস্কৃতিক সন্ধিয়াৰে পহুমাৰা মহোৎসৱৰ সফল সামৰণি ঘটে।

বজালীৰ পৰা সঞ্জীৱ দাস

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা