বঙাইগাঁও জিলাত ১৪৪ ধাৰা জাৰি

বঙাইগাঁওঃ ২১ জানুৱাৰীঃ আগন্তুক গণৰাজ্য দিৱসৰ প্ৰতি লক্ষ্য ৰাখি  বঙাইগাঁও জিলাৰ আইন- শৃংখলা পৰিস্থিতি স্বাভাৱিক ৰখাৰ স্বাৰ্থত আজিৰে পৰা বলবৎ হোৱাকৈ জিলাখনত ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ বঙাইগাঁও জিলাৰ অতিৰিক্ত দণ্ডাধীশ ডা°চৈয়দ তহিবুৰ ৰহমানে  জাৰি কৰা নিৰ্দেশ অনুসৰি জিলা প্ৰশাসনৰ অনুমতি অবিহনে জিলাখনৰ যি কোনো ৰাজহুৱা স্থানত ৫ জনৰ অধিক ব্যক্তিৰ সমাগম অথবা যি কোনো ধৰণৰ সভা- সমিতি, শোভাযাত্ৰা আদিৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ সেইদৰে ৰাজহুৱা স্থানত যিকোনো অস্ত্ৰ লৈ ফুৰা অথবা  প্ৰদৰ্শনৰ ওপৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ একেদৰে মটৰ চাইকেল , স্কুটী, স্কুটাৰ আদি দুচকীয়া বাহনত দুজন উঠাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ ইয়াৰোপৰি সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ জিলাখনত উচ্চ স্বৰত মাইক আদি বজোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ এই নিষেধাজ্ঞা পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত বলবৎ থাকিব ৷ অবশ্যে বজাৰ , খেলপথাৰ , ৰে'লৱে ষ্টেচন , বাছ আস্থান ,  ব্যৱসায়ী প্ৰতিষ্ঠান আৰু বিবাহ অনুষ্ঠানত এই নিষেধাজ্ঞা বলবৎ নহ'ব ৷ 


প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা