ৰঙিয়াত উৎসৱমুখৰ পৰিৱেশ, গণৰাজ্য দিৱসত মহকুমা প্ৰশাসনৰ সম্বৰ্ধনা

ৰঙিয়াৰ পৰা পহৰেদ আলী আহমেদঃ ২৬ জানুৱাৰীঃ

২০২১ বৰ্ষৰ পি এম ৰাষ্ট্ৰীয় বালক পুৰস্কাৰ ভাৰতৰ কেইবাখনো ৰাজ্যৰ লগতে অসমৰ এগৰাকী ছাত্ৰয়ো এই শিশু বটা পাবলৈ সক্ষম হৈছে। ৰঙিয়া চাৰ্চ পাব্লিক ইংলিছ স্কুলৰ ছাত্ৰ তথা ৰঙিয়া টাউন ১ নং ৱাৰ্ডৰ ষ্টেচন পথৰ বাসিন্দা বিশিষ্ট সাংবাদিক পিতৃ তাপস সমাদ্দাৰ আৰু মাতৃ শৰ্বৰী সমাদ্দাৰৰ একমাত্ৰ পুত্ৰ তনুজ সমাদ্দাৰ এইবেলি কলা সংস্কৃতি শিতানত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। সৰুকালৰে পৰা ছবি আকি ভাল পোৱা তনুজ সমাদ্দাৰে ইতিমধ্যে কোভিড-১৯ সময়ছোৱাত অনলাইন প্ৰতিযোগিতাত ৰাজ্যৰ লগতে দেশ বিদেশৰ চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কেইবাটাও শ্ৰেষ্ঠত্বৰ বটা লাভ কৰিবলৈ সক্ষম হৈছিল। ইতিমধ্যে জানিব পৰা মতে তনুজ সমাদ্দাৰে জাপান, ৰাছিয়া, আমেৰিকা, বুলগেৰিয়া, ইউক্ৰেইন আদি দেশৰ চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ২০ আন্তৰ্জাতিক বটা ,৫০ ৰাষ্ট্ৰীয় আৰু ২০ ৰাজ্যিক বঁটাৰে লাভ কৰি ৰাজ্যখনলৈ সন্মান আনিছিল। উচ্চ শিক্ষা গ্ৰহণৰ সময়ত ভৱিষ্যতে তনুজ সমাদ্দাৰে দেশৰ আগশাৰীৰ চিত্ৰকলা শিক্ষানুষ্ঠানত নামভৰ্তিৰ কৰি এজন স্থাপত্যকলা হোৱাৰ সপোন পুহি ৰখা বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমক। তনুজ সমাদ্দাৰৰ এই সফলতাত পিতৃ জ্যেষ্ঠ সাংবাদিক তাপস সমাদ্দাৰ আৰু মাতৃ শৰ্বৰী সমাদ্দাৰৰ কৰ্মস্পৃহা, কৰ্মনিষ্ঠা, সততা, দায়বদ্ধতা, আৰু আনৰ দুখত সমভাগী হোৱা গুণে আজি পৰিয়ালৰ মূখত হাহিঁ বিৰিঙিছে। আনহাতে তনুজ সমাদ্দাৰৰ শিক্ষানুষ্ঠান চাৰ্চ পাব্লিক ইংলিছ স্কুলৰ লগতে ৰঙিয়া মহকুমাটো আনন্দময় পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াৰোপৰি ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পালে (আই.এ.এছ) তনুজ সমাদ্দাৰক শুভেচ্ছা জ্ঞাপন কৰে। লগতে আজি ৭২ সংখ্যক গণৰাজ্য দিৱসত  বিশিষ্ট অতিথি তথা মহকুমাধিপতি স্বপ্নীল পালে তনুজ সমাদ্দাৰক অসমীয়াৰ স্বাভিমান ফুলাম গামোচা, জাপি আৰু মানপত্ৰৰে সম্বৰ্ধনা আগবঢ়ায় তনুজ সমাদ্দাৰৰ ভৱিষ্যত জীৱনৰ উত্তৰোত্তৰ কামনা কৰে। 
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা