সৌন্দৰ্য প্ৰতিযোগিতাত নগাঁৱৰ এ ডি পি কলেজৰ মিনাক্ষী বৰাৰ সাফল্য

নগাঁৱৰ পৰা জয়ন্ত মুুদৈ, ২৮ জানুৱাৰীঃ গুৱাহাটী জিলা পুথিভঁৰালত যোৱা ২৩ জানুৱাৰীত ইন্টাৰনেশ্বনেল গ্ল'বেল ষ্টাৰ আইকন শীৰ্ষক এখনি সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। নাৰী শক্তি অসম গ্ৰুপৰ সৌজন্যত ৰাষ্টীয় মহিলা সুৰক্ষা সংগঠনৰ প্ৰদেশ অধ্যক্ষা ড° নম্ৰতা ৰ্শম্মাৰ নেতৃত্বত অনুষ্ঠিত অনুষ্ঠানটিত নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ফেশ্বন টেকন'লজি বিভাগৰ এটি দলেও অংশগ্ৰহণ কৰে। উত্তৰ পূৰ্ব্বাঞ্চলৰ বিভিন্ন ঠাইৰ শতাধিক প্ৰতিযোগীয়ে ভাগ লোৱা অনুষ্ঠানটিত এ ডি পি কলেজৰ ফেশ্বন টেকন'লজি বিভাগৰ মূৰব্বী অধ্যাপিকা মিনাক্ষী বৰাক ইন্টাৰনেশ্বনেল লিডাৰশ্বিপ বঁটাৰ 'শ্ৰেষ্ঠ ফেশ্বন ডিজাইনাৰ' বঁটা আৰু 'ডিজাইনাৰ আইকন ' বঁটা প্ৰদান কৰা হয়। আনহাতে, মহাবিদ্যালয়খনৰ ছাত্ৰী তুজাশ্ৰী বৰাই এই অনুষ্ঠানতে ইন্টাৰনেশ্বনেল গ্ল'বেল ষ্টাৰ আইকণৰ "মিচ প্ৰথম ৰাণাৰ আপ' খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় । তেওঁলোকৰ সাফল্যত নগাঁওবাসী উৎফুল্লিত হোৱাৰ লগতে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ পৰিয়ালে দুয়োগৰাকীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। উল্লেখ্য যে, এই গাম্ভীৰ্য্যপুৰ্ণ অনুষ্ঠানটিত কেইবাগৰাকী বিশিষ্ট  ব্যক্তি তথা সমাজকৰ্মীক সম্বৰ্ধনা জনোৱাৰ লগতে বিভিন্ন সন্মানীয় বঁটা প্ৰদান কৰা হয়। নিৰ্বাচিত প্ৰতিযোগীসকলক অসমৰ বাহিৰত আয়োজিত  ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমুহত যোগদান কৰিব পৰাকৈ এখন মঞ্চ দিয়াৰ প্ৰয়াস আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰত ভাল কাম কৰি থকা লোকসকলক স্বীকৃতি প্ৰদান কৰি ভৱিষ্যতে আৰু অধিক উৎসাহৰে কেনেদৰে আগুৱাই যাব পাৰে সেইটোয়ে এই অনুষ্ঠানৰ মুল উদ্দেশ্য বুলি জানিব পৰা গৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা