গুৱাহাটীৰ জু-ৰোডত গেজেট এণ্ড পেৰিফেৰিয়ল এক্সক্লুছিভ শ্ব'ৰূম "কানেক্ট মুকলি




ষ্টাফ ৰিপৰ্টাৰ,,১৮ জানুৱাৰী।  মোবাইল ষ্ট'ৰ 'গেজেট এণ্ড পেৰিফেৰিয়েল এক্সক্লুছিভ শ্ব'ৰুম কানেক্ট সোমবাৰে গুৱাহাটীৰ জু-ৰোডত মুকলি কৰা হয়। স্বত্বাধিকাৰী জয়প্ৰকাশ জাজু আৰু শংকৰ বিৰলাৰ উপস্থিতিত শ্ব'ৰূমটো অনুষ্ঠানিকভাৱে মুকলি কৰে যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই। এই সন্দৰ্ভত তেওঁ কয়"-গেজেট আৰু পেৰিফেৰিয়েল মানুহৰ বাবে অত্যন্ত জৰুৰী সমগ্ৰী"। আনহাতে এই সন্দৰ্ভত শ্ব'ৰূমটোৰ স্বত্বাধিকাৰী জয়প্ৰকাশ জাজুৱে এই সন্দৰ্ভত কয়"-৮০০ বৰ্গফুট এলেকাত নতুনকৈ স্থাপন কৰা শ্ব'ৰূমটোত বিভিন্ন ধৰণৰ ব্ৰেণ্ডৰ লগতে এপ'ল, লেনেভ',এইচপি আদিৰ সামগ্রী উপলব্ধ হ'ব। উল্লেখযোগ্য যে, গ্ৰাহকে উক্ত শ্ব'ৰূমটোতে মোবাইল, লেপটপ মেৰামতি কৰাৰ সুবিধা লাভ কৰিব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা