বিটিআৰৰ পৰা অনাবড়ো সংখ্যাগুৰু গাঁওসমূহ কৰ্তন কৰাৰ দাবীৰ লগতে যোগ্য ব্যক্তিৰ দ্বাৰা কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ গঠনৰ দাবী

বঙাইগাঁৱত কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা 

২২ জানুৱাৰীত গণ সমাৱেশৰ আয়োজন  


বঙাইগাঁওঃ ৯ জানুৱাৰীঃ সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ বঙাইগাঁওস্থিত মুখ্য কাৰ্যালয়ত আজি এখন গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ যুৱ ছাত্ৰ সন্মিলনীৰ কেন্দ্ৰীয় সভাপতি ত্ৰৈলোক্য  ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত বিটিআৰৰ পৰা অনাবড়ো সংখ্যাগুৰু গাঁওসমূহ কৰ্তন কৰাৰ বিষয়টো আলোচনা কৰাৰ লগতে যোগ্য ব্যক্তিৰ দ্বাৰা কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ গঠনৰ পোষকতা কৰে ৷ লগতে সভাত বিটিআৰৰ পৰা অনাবড়ো সংখ্যাগুৰু গাঁওসমূহ কৰ্তন কৰাৰ দাবীত আৰু যোগ্য ব্যক্তিৰ দ্বাৰা কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ গঠনৰ দাবীত অহা ২২জানুৱাৰীত বঙাইগাঁওস্থিত বৰপাৰা ৰাজহুৱা খেলপথাৰত এখন গণ সমাবেশৰ আয়োজন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে ৷ কাৰ্যনিৰ্বাহক সভাত সন্মিলনীৰ উপদেষ্টা ত্ৰিদীপপতি সিংহ ,সাধাৰণ সম্পাদক ধৰ্মেন্দ্ৰ ৰায়ৰ লগতে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷ ইপিনে সভাপতি ত্ৰৈলোক্য ৰায় আৰু সাধাৰণ সম্পাদক ধৰ্মেন্দ্ৰ ৰায়ে আগন্তুক গণ সমাৱেশখন সফল কৰাৰ বাবে সমূহ ৰাইজৰ সহায় সহযোগীতা তথা উপস্থিতি কামনা কৰিছে ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা