বঙাইগাঁও জিলাৰ চৰকাৰী স্বীকৃতি প্ৰাপ্ত সাংবাদিকৰ মাজত মুখ্য মন্ত্ৰীৰ তৰফৰ পৰা আগবঢ়োৱা প্ৰীতি উপহাৰ বিতৰণ

বঙাইগাঁওঃ ১১ জানুৱাৰীঃ ক'ৰনা অতিমাৰীৰ  সময়ছোৱাত সমুখ সমৰত অৱতীৰ্ণ হৈ সাংবাদিকসকলে অক্লান্ত ভাৱে সমাজৰ কল্যাণৰ স্বাৰ্থত আগবঢ়াই অহা নিঃস্বাৰ্থ সেৱাক শলাগ লৈ কৃতজ্ঞতাস্বৰূপে অসমৰ মুখ্য মন্ত্ৰীৰ তৰফৰ পৰা তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ যোগেদি জিলাখনৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকললৈ আগবঢ়োৱা প্ৰীতি উপহাৰ আজি বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত ডাঃ এম.এছ লক্ষ্মীপ্ৰিয়াৰ অধ্যক্ষতাত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰদান কৰা হয়। বঙাইগাঁও জিলা উপায়ুক্ত গৰাকীয়ে অনুষ্ঠানত জিলাখনৰ বিভিন্ন সংবাদ মাধ্যমৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত মুঠ ১৪ গৰাকী সাংবাদিকক ইংৰাজী নৱবৰ্ষৰ ওলগ তথা আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনাই মুখ্য মন্ত্ৰীৰ এই উপহাৰৰ আঁৰৰ মূল বাৰ্তা উপস্থাপনৰ মাজেৰে তেওঁলোকৰ হাতত প্ৰীতি উপহাৰৰ টোপোলা তুলি দিয়ে। এই সভাতেই সাংবাদিকসকলৰ পৰা সমাজ কল্যাণমূলক বিভিন্ন চৰকাৰী আঁচনিসমূহৰ বিষয়ে  প্ৰকৃত হিতাধিকাৰীক সঠিক ৰূপত তথা বহল পৰিসৰত অৱগত কৰি লাভাৱাম্বিত কৰাৰ বাবে  প্ৰয়োজনীয় প্ৰচাৰৰ ক্ষেত্ৰত পূৰ্ণ সহযোগিতাৰ আহ্বান জনায় ৷ লগতে আঁচনিসমূহৰ সফল ৰূপায়ণৰ বাবে সময় সাপেক্ষে সংবাদিকসকলৰ গঠনমূলক দিহা পৰামৰ্শৰে জিলাখনৰ উন্নতিত সহযোগ কৰাৰ বাবেও জিলা উপায়ুক্ত গৰাকীয়ে আহ্বান জনায়। অনুষ্ঠানত জিলা তথ্য আৰু জনসংযোগ বিষায়া চুম্পী চুতীয়াই সাংবাদিকসকলক সামৰি তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ দ্বাৰা ৰূপায়িত হৈ থকা বিভিন্ন চৰকাৰী আঁচনিৰ অধীনত তেওঁলোকে পাব পৰা আৰ্থিক অনুদানসমূহৰ বিষয়েও এক আভাষ দাঙি ধৰে ৷ এই অনুষ্ঠানত বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্তদ্বয় ক্ৰমে ডঃ চৈয়দ তাহিদুৰ ৰহমান আৰু পংকজ চমুৱাৰ লগতে বঙাইগাঁও জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ সমূহ কৰ্মচাৰীবৃন্দ উপস্থিত থাকে।

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা