গড় সুৰক্ষা আৰু বৃক্ষ ৰোপণৰ সজাগতা আনিবলৈ কলকাতা-কাজিৰঙা চাইকেল যাত্রা

নিজা প্রতিনিধি, ১৬ জানুৱাৰী, বঙাইগাঁওঃ অসমৰ বন আৰু পৰিৱেশ মন্ত্রী তথা গড়বন্ধু সুহান মল্লিকৰ আমন্ত্রণত যোৱা ২৮ ডিচেম্বৰৰ দিনা পশ্চিমবংগৰ বেচৰকাৰী প্রতিষ্ঠান দা গ্লোবেল গ্রীন ফোর্চৰ ছজনীয়া সদস্যৰ দল এটাই মানুহৰ মাজত গড় সুৰক্ষা আৰু বৃক্ষ ৰোপণৰ সজাগতা আনিবলৈ কলকাতাৰ পৰা কাজিৰঙাৰ উদ্দেশ্য চাইকেলেৰে যাত্রা আৰম্ভ কৰে। এই দীঘলীয়া যাত্রাপথত যোৱাকালি বিয়লি ৪ মান বজাত বঙাইগাঁও চহৰত উপস্থিত হলে বঙাইগাঁও মাৰোৱাৰী যুৱ মঞ্চৰ সভাপতি সুৰজিত সিং ভাৰি ও যুগ্ম সম্পাদক জয়দেব ভাটিয়ে ফুলাম গামোছাৰে সম্বর্ধনা কৰাৰ লগতে ৰাতিটো থকাৰ ব্যৱস্থা কৰে। বঙাইগাঁৱৰ বসুন্ধৰা নামৰ বেচৰকাৰী প্রতিষ্ঠানটোৰ পৃষ্ঠপোষকতাত উক্ত দলটিয়ে আজি পুৱা ৭ মান বজাত আনন্দমার্গী স্কুলত উপস্থিত হৈ গছপুলি ৰোপণ কৰাৰ পিছত ছয় জনক ফুলাম গামোছা আৰু শৰাইয়েৰে সম্বর্ধনা কৰে স্বামী জগদিশানন্দ ও বসুন্ধৰাৰ সদস্যসকলে। বসুন্ধৰাৰ প্রতিষ্ঠাপক উত্তম কুমাৰ দাস আৰু অনুপ সাহা যৌথভাৱে দুখন কিতাপ উপহাৰ দিয়াৰ উপৰি সংক্ষিপ্ত বক্তব্য আগবঢ়ায় নকুল চন্দ্র সাহাই। মাধব দাসে অনুষ্ঠানটি সঞ্চলনা কৰাৰ লগতে শেষত চমু বক্তব্য দাঙি ধৰি দা গ্লোবেল গ্রীন ফোর্চক লৈ লিখা স্বৰচিত কবিতা এটি পাঠ কৰি প্রতিষ্ঠানৰ কর্ণধাৰ তাৰক চন্দ্র পালৰ হাতত তুলি দিয়ে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা