আগন্তক ২০২১ নিৰ্বাচন হব অসম জাতীয় পৰিষদৰ বাবে বিজেপিৰ পৰা পৰিত্ৰাণৰ নিৰ্বাচন—লুৰিণজ্যোতি গগৈ
২০১৬ নিৰ্বাচন আছিল বিজেপি দলৰ পৰিৱৰ্তনৰ নিৰ্বাচন, আগন্তক ২০২১ নিৰ্বাচন হব অসম জাতীয় পৰিষদৰ বাবে বিজেপিৰ পৰা পৰিত্ৰাণৰ নিৰ্বাচন—লুৰিণজ্যোতি গগৈ
ব্যক্তিগতভাৱে বিজেপি নেতা-কৰ্মীৰ বিকাশ হৈছে, অসমৰ ৰাইজৰ বিনাশ হৈছে —জগদীশ ভূঞা
প্ৰতিবেদক, ৰঙিয়া ৯ জানুৱাৰীঃ
২০১৬ চনৰ নিৰ্বাচন আছিল বিজেপি দলৰ পৰিৱৰ্তনৰ নিৰ্বাচন আৰু আগন্তক ২০২১ চনৰ নিৰ্বাচন হব অসম জাতীয় পৰিষদৰ বাবে বিজেপিৰ পৰা পৰিত্ৰাণৰ নিৰ্বাচন। এই হুংকাৰ নৱ গঠিত অসম জাতীয় পৰিষদৰ নৱ নিৰ্বাচিত সভাপতি প্ৰাক্তন ছাত্ৰ নেতা লুৰিণজ্যোতি গগৈৰ। আজি তেওঁ ৰঙিয়াৰ ঐতিহ্যমণ্ডিত ঈদগাহত অনুষ্ঠিত এজেপিৰ যোগদান সমাৰোহত মুখ্য অতিথিৰ ভাষনত এই হুংকাৰ দিয়ে। তেওঁ তেওঁৰ উদ্দাত্ত কন্ঠৰ প্ৰায় ৪০ মিনিটৰ ভাষনত বিজেপি চৰকাৰক তুলাধোনা দিয়ে। তেওঁ কয় বিজেপি চৰকাৰৰ দিনতে অসমৰ জনসাধাৰণ অৱস্থা নাইকীয়া হবলৈ ধৰিছে । বিশেষকৈ মুল্য বৃদ্ধিয়ে অসমৰ জনসাধাৰণক সম্পূৰ্ণ ৰূপে কোঙা কৰি পেলাইছে । বিজেপিৰ ৰাজত্বত প্ৰতিগৰাকী অসমীয়া মানুহে শংকা আৰু ভয়ৰ মাজত দিন কটাবলগীয়া হৈছে। অহা বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে একত্ৰিত হৈ অসমত এক জাতীয়তাবাদী চৰকাৰ গঠন কৰাৰ বাবে মনস্থিৰ কৰিছে। অসম তথা অসমী আইৰ পুৰ্বৰ গৰিমা অটুট ৰাখিবলৈ হলে বিজেপিক অসমৰ পৰা উচ্ছেদ কৰিবই লাগিব আৰু ইয়াৰ বাবে বিজেপিৰ বিৰুদ্ধে প্ৰতিজ্ঞাবদ্ধহৈ অসমৰ সকলো আঞ্চলিকতাবাদী দলসমুহ একত্ৰিত হব লাগিব বুলি তেওঁ কয়। গগৈৰ মতে অসমত আগন্তুক বিধানসভা নিৰ্বাচন দুটা সভ্যতাৰ মাজত হ’ব । এটা সভ্যতা হল, যিসকলে বিদেশী ৰক্ষণাবেক্ষণ দিয়ে আৰু সম্প্ৰদায়িকতাৰ বিষবাষ্প অসমত ৰোপণ কৰিছে লগতে আনটো সভ্যতা হ’ল- অসমৰ বিভিন্ন জাতি,জনগোষ্ঠীৰ সমন্বয়ত গঢ়ি উঠা সভ্যতা।অসমীয়া জাতিৰ প্ৰতি যে বিজেপি মিত্ৰজোট চৰকাৰৰ দায়বদ্ধতা নাই সেইটো স্পষ্ট হৈ গৈছে। কা বিৰোধী আন্দোলন আকৌ হ’ব বুলি ভাবি অসমৰ ৰাইজক ৰঙা চকু দেখুৱাব বিচাৰিছে অমিত শ্বাহে। কিন্তু অসমীয়াই কেতিয়াও ভয় নকৰে। বিজেপি চৰকাৰে দেশৰ স্বাধীনতা আন্দোলনকাৰী আৰু অসমীয়া জাতিক অপমান কৰিছে। অসমীয়া জাতিৰ প্ৰতি যে তেওঁলোকৰ কোনো দায়বদ্ধতা নাই আৰু কা’ আন্দোলন মষিমূৰ কৰিবলৈ বিজেপি চৰকাৰে অসমৰ ৰাইজক কেৱল মিছা প্ৰতিশ্ৰুতি দিছিল সেয়া ইতিমধ্যে ৰাইজে বুজি পোৱা বুলি তেওঁ কয় । ২০২১ বৰ্ষটো অসমৰ জাতীয় জীৱনৰ বাবে স্বভিমানৰ বৰ্ষ হ’ব, ২০২১ বৰ্ষতে অসমত জাতীয়তাবাদৰ ভেটি সূদৃঢ় হ’ব বুলিও তেওঁ ঘোষনা কৰে। আগন্তুক ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য কৰি ‘ঘৰে ঘৰে আমি, ঘৰে ঘৰে উপাৰ্জন’ শ্লোগানেৰে আগবাঢ়ি যাব অসম জাতীয় পৰিষদে। অখিল গগৈৰ সন্দৰ্ভত লুৰিণজ্যোতি গগৈয়ে কয় যে,‘অখিল গগৈয়ে কোনো ধৰণৰ ৰাষ্ট্ৰ বিৰোধী কাম কৰা নাই। বিনা কাৰণত কাৰাৰুদ্ধ কৰি চৰকাৰে ফেচিষ্টৰ পৰিচয় দিছে৷অগণতান্ত্ৰিক, অসংবিধানিক কামৰ বিৰুদ্ধে আন্দোলন কৰিছে অখিল গগৈয়ে। অখিল গগৈৰ বিৰুদ্ধে অন্যায় কৰা হৈছে। কোৰোণাৰ সময়ত বহু কাৰাবন্দীক মুকলি কৰি দিলে।কিন্তু অখিল গগৈৰ ক্ষেত্ৰত কিয় নহল বুলি তেওঁ প্ৰশ্ন কৰে । তেওঁ অনতি বিলম্বে অখিল গগৈক বিনাচৰ্তে মুকলি কৰি দিব লাগে বুলি চৰকাৰক দাবী জনায়। কামৰূপ জিলা আহ্বায়ক সমিতিৰ উদ্যোগত আৰু কেন্দ্ৰীয় সমিতিৰ সহযোগত অনুষ্ঠিত সমাৰোহত সভাপতিত্বত কৰে প্ৰাক্তন ছাত্ৰ নেতা প্ৰিন্স ফাইজুল হকে। সমাৰোহত অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি পবিন্দ্ৰ ডেকা, সাধাৰণ সম্পাদক জগদীশ ভূঞা, পৰিষদৰ মুখ্য উপদেষ্টা বসন্ত কুমাৰ ডেকা, ড০ কৃষ্ণগোপাল ভট্টাচাৰ্য,, প্ৰাক্তন কংগ্ৰেছী তথা নতুনকৈ অসম জাতীয় পৰিষদত যোগদান কৰা দুলু আহমেদ, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য মজিবুদ্দিন আহমেদ, যুুুটীয়া সম্পাদক কমলেশ ডেকা সহ কেন্দ্ৰীয় আৰু জিলা সমিতিৰ কেইবাগৰাকী জেষ্ঠ নেতা উপস্থিত থাকে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।
Comments
Post a Comment