ভৱানীপুৰত কাইলৈৰ পৰা আৰম্ভ তৃতীয় সংখ্যক পহুমাৰা মহোৎসৱ

সংবাদ মেলত সম্বোধনেৰে মহোৎসৱৰ কাৰ্যসূচী সদৰী আয়োজ সমিতিৰ


বজালীৰ ভৱানীপুৰত তৃতীয় সংখ্যক পহুমাৰা মহোৎসৱ কাইলৈৰ পৰা আৰম্ভ হ'ব। ভৱানীপুৰ উচ্চতৰ মাধ্যমিক খেলপথাৰত সাদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে আয়োজন কৰা মহোৎসৱ উপলক্ষে ইতিমধ্যে ব্যাপক  প্রস্তুতি সম্পন্ন কৰা হৈছে বুলি আজি মহোৎসৱ আয়োজক সমিতিয়ে ভৱানীপুৰত আবেলি অনুষ্ঠিত কৰা এখন সংবাদ মেলত সদৰী কৰিছে। মহোৎসৱৰ কাৰ্যক্ৰমণিকামতে, কাইলৈ পুৱা পহুমাৰা মহোৎসৱৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ,স্মৃতি তৰ্পণ ,বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ পাছত দহ বজাত পহুমাৰা মহোৎসৱৰ উদ্বোধন কৰিব সত্র ৰত্ন,  শ্রীমন্ত শংকৰদেৱ বঁটা প্রাপক বশিষ্ঠ দেৱ শৰ্মাই। উদ্বোধন উপলক্ষে এখন সভাৰো আয়োজন কৰা হৈছে। মহোৎসৱত নৃত্য, কুইজ, তৰ্ক, দেহশ্রী, সৌন্দৰ্য, ঘোষা নাম ,চিত্রাংকণ ,ভূপেন্দ্ৰ সংগীত, জ্যোতি সংগীত আদি প্রতিযোগিতাৰ আয়োজন কৰাৰ লগতে চিত্র কৰ্মশালা , প্রদৰ্শনী ,অকণিৰ মেল, যুৱ চ'ৰা , গীত আৰু কবিতাৰ যুগল বন্দী, লোক কৃষ্টি সমাৰোহ, স্থানীয় বিদ্যালয়, মহাবিদ্যালয়ৰ বিচিত্রানুষ্ঠান ,যোগ প্রশিক্ষণ শিবিৰ ,মুখপত্র 'পহুমাৰা ' উন্মোচন , সাংস্কৃতিক অনুষ্ঠান আদি কাৰ্যসূচীৰ আয়োজন কৰা হৈছে বুলি সংবাদ মেলত মহোৎসৱ উদযাপন সমিতিৰ মুখ্য সম্পাদক ধ্ৰুৱজ্যোতি ডেকাই সদৰী কৰিছে | সংবাদমেলত মহোৎসৱ উদযাপন সমিতিৰ সভাপতি পুলকানন্দ তালুকদাৰ, উপ সভাপতি ডিম্বেশ্বৰ তালুকদাৰ ,সাংস্কৃতিক উপ সমিতিৰ সভাপতি ৰিংকু আহমেদ, প্রচাৰ উপ সমিতিৰ সম্পাদক জিণ্টুল তালুকদাৰে উপস্থিত থাকে |উল্লেখযোগ্য যে পহুমাৰা মহোৎসৱত ৰাজ্যৰ প্রতিষ্ঠিত দহখন গ্রন্থ বিপণীয়ে অংশ গ্রহণ কৰিব বুলি অৱগত কৰিছে |

বজালীৰ পৰা সঞ্জীৱ দাস

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা