উত্তৰ পূৰ্বাঞ্চলৰ অষ্টম বাৰ্ষিক ব্ৰেণ্ড মুকলি অনুষ্ঠানত এই অঞ্চলৰ যুৱ প্ৰতিভাক স্বীকৃতি প্রদান ডালমিয়া চিমেণ্ট (ভাৰত) লিমিটেডৰ




ষ্টাফ ৰিপৰ্টাৰ,,,২১ ,জানুৱাৰী উত্তৰ-পূৰ্বাঞ্চলত অষ্টম বাৰ্ষিক মুকলি অনুষ্ঠানক সৰোগত কৰি ডালমিয়া ভাৰত চিমেণ্ট লিমিটেড-এ মঙলবাৰৰ দিনটো উদযাপন কৰে তেওঁলোকৰ ব্যৱসায়িক সহযোগী কৰ্মচাৰী আৰু অন্যান্য অংশীদাৰীৰ সৈতে। উদযাপনৰ অংশ হিচাপে ডালমিয়া চিমেণ্ট এ অনুষ্ঠিত কৰে ইয়াৰ বাৰ্ষিক ডিলাৰ আলোচনাচক্ৰ, ইয়াৰ মুখ্য ব্যৱসায়িক সহযোগী আৰু ডীলাৰসকলৰ সৈতে আৰু সমগ্ৰ বছৰটিত তেওঁলোকৰ প্ৰচেষ্টা আৰু ব্যতিক্ৰমী প্ৰদৰ্শনক স্বীকৃতি আৰু পুৰষ্কাৰ প্ৰদান কৰা হয়। প্ৰত্যেক বৰ্ষৰ দৰে এই বৰ্ষতো যুৱ সাফল্য প্ৰাপ্ত বঁটা প্ৰদান কৰা হয় উত্তৰ পূৰ্বাঞ্চলৰ কেইগৰাকীমান ব্যতিক্ৰমী প্ৰতিভাক, য'ত মিজোৰামৰ এষ্ঠাৰ হনামটে এ আটাইতকৈ কম বয়সীয়া যুৱ প্ৰতিভাৰ সম্মান লাভ কৰে। এই সন্দৰ্ভত ডালমিয়া ভাৰত লিমিটেড উত্তৰ-পূৰ্বাঞ্চল শাখাৰ কাৰ্যবাহী উপদেষ্টা আৰু ছেলছৰ প্ৰধান সুুনীল আগৰৱালে কয়-"আমি অৰ্থাৎ ডালমিয়া চিমেণ্ট উত্তৰ-পূৰ্বাঞ্চলত আঠ বছৰ ব্যৱসায়িক ক্ৰিয়া-কলাপ অতিক্ৰম কৰি অত্যন্ত সুখী। এই অঞ্চল আমাৰ বাবে অতি জৰুৰী বজাৰ আৰু কম সময়ৰ ভিতৰত এই অঞ্চলত আগশাৰীৰ চিমেণ্ট ব্ৰেণ্ড হ'বলৈ অতি গৰ্ব অনুভৱ কৰিছো"।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা