শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ উপলক্ষে উদুলি-মুদুলি পৰিবেশ≈≈গীত-মাত-কবিতা-চিত্ৰকলাৰে উজ্বলিছে গুৰুজনাৰ ওপজাভূমি

গুৰুজনাৰ ওপজাভূমিৰ পৰা জয়ন্ত মুদৈ, ৩০ জানুৱাৰীঃ মাধৱ সংস্কৃতি ন্যাসৰ উদ্যোগত আৰু শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱৰ আজি দ্বিতীয়টো দিন। সেয়ে গুৰুজনাৰ ওপজাভূমিত উদুলি-মুদুলি পৰিবেশৰ সৃষ্টিৰে বৰগীত, দিহানাম, কবিতা, চিত্ৰকলাৰে মুখৰিত হৈ উজ্বলি উঠিছে বটদ্ৰৱা। হাজাৰ-বিজাৰ শিল্পী, কবি, সাহিত্যিক, গৱেষকৰ উপস্থিতিত এক প্ৰকাৰে উখল মাখল পৰিৱেশ ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই মহোৎসৱৰ প্ৰথম কাৰ্যসূচী আন্তৰ্জাতিক সন্মিলনী খনি নগাঁও চহৰৰ খগেন মহন্ত প্ৰেক্ষাগৃহত কালি অনুষ্ঠিত হোৱাৰ পিছত আজিৰ পৰা দুদিনীয়াকৈ বটদ্ৰৱা থান আৰু ইয়াৰ দাঁতিকাষৰীয়া সাত খন ঐতিহ্যমণ্ডিত সত্ৰত একেলগে আৰম্ভ হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱৰ সাংস্কৃতিক কাৰ্যসূচী। পুৱা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে পতাকা উত্তোলন আৰু শ্ৰীশ্ৰী শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱমহনন্তই বন্তি প্ৰজ্বলন কৰে। পাছত ৰাজ্য তথা দেশৰ বিভিন্ন প্ৰান্তৰ শিল্পী, সাহিত্যিক, কবি, চিত্ৰশিল্পী, গৱেষক সকলৰ উপস্থিতিত উখল মাখল পৰিৱেশ সৃষ্টি হয়। আকাশী গংগাৰ তীৰৰ আই খেৰসূতী সাংস্কৃতিক মঞ্চত বৰগীত, দিহানাম, সত্রীয়া নৃত্য, ভাওনা আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। আনহাতে, গংগাৰ পাৰৰ অস্থায়ী মঞ্চত কবিতা সন্মিলনত দুই শতাধিক ঙকবিৰ কবিতা পাঠেৰে জীপাল হৈ উঠে। তদুপৰি দেশৰ বিভিন্ন প্ৰান্তৰ দুশ শিল্পীয়ে কেনভাছত শংকৰী চিত্ৰ শিল্প অংকন কৰে ৷

গুৰুজনাৰ ওপজাভূমিৰ পৰা জয়ন্ত মুদৈ,l

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা