নগাঁৱৰ ৰেংবেঙত ট্ৰাক-বলেৰ’ৰ মুখামুখি সংঘৰ্ষ≈≈ নিহত দুই,আহত তিনি

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১২ জানুৱাৰীঃ নগাওঁ জিলাৰ কঠীয়াতলী আৰক্ষী চকীৰ অৰ্ন্তগত ৰেংবেঙত ট্ৰাক আৰু বলেৰ’ৰ মুখামুখি সংঘৰ্ষত দুজন নিহত হোৱাৰ লগতে আন তিনিজন আহত হয়। ঘটনাৰ বিবৰণী অনুসৰি, তীব্ৰ বেগেৰে আহি থকা এ এছ-০১-ই এম ৯৬৫৭ নম্বৰৰ বলেৰ গাড়ী খনৰ সন্মুখত বিপৰীত দিশৰ পৰা আহি থকা এন এল-০৩-এ ০২৯২ নম্বৰৰ এখন ট্ৰাকৰ লগত মুখামুখী সংঘৰ্ষ হোৱাত বলেৰ’ত আহি থকা পাঁচ জন যাত্ৰী গুৰুত্বৰভাবে আহত হয় ৷ লগে লগে আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়া হয় যদিও ইয়াৰে দুজনৰ চিকিৎসালয়ত মৃত্যু হয় । নিহত দুজন চিন্টত বে’ আৰু সুন্দৰ জিৎ তেৰং বুলি জানিব পৰা গৈছে ৷ আনহাতে, গুৰুত্বৰভাবে আহত আন তিনিজন হৈছে অৰুন কিলিং, তাপচ দাস আৰু চিৎ সিৎ তেৰং।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা