বঙাইগাঁৱত শিল্পী দিৱস উদযাপন

বঙাইগাঁওঃ১৭ জানুৱাৰীঃ চিৰ সুন্দৰৰ সাধক ,বিশ্বশিল্পী ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ পৱিত্ৰ স্মৃতিত আজি ৰাজ্যৰ আন প্ৰান্তৰ লগতে বঙাইগাঁৱতো শিল্পী দিৱস উদযাপন কৰা হয় ৷ বঙাইগাঁৱৰ বৰপাৰাস্থিত জ্যোতি সংঘ আৰু সমূহীয়া কেন্দ্ৰৰ উদ্যোগত আৰু বঙাইগাঁও জিলা শিল্পী সমাজ তথা বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বৰপাৰা ৰাজহুৱা খেল পথাৰ আৰু সমূহীয়া কেন্দ্ৰৰ প্ৰাংগণত উদযাপন কৰা শিল্পী দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱাৰভাগত সংগঠনকেইটাৰ পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় ৷ অনুষ্ঠানত জ্যোতি সংঘ আৰু সমূহীয়া কেন্দ্ৰৰ সভাপতি প্ৰভাত বৈষ্ণৱ , বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কুলজিৎ ৰায় , বঙাইগাঁও জিলা শিল্পী সমাজৰ ভাৰপ্ৰাপ্ত সভাপতি নন্দলাল বৰ্মন আৰু অভ্যৰ্থনা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি জয়ন্ত সৰকাৰে পতাকা উত্তোলন কৰে ৷ পতাকা উত্তোলন কাৰ্যসূচীৰ লগত সংগতি ৰাখি শিল্পী সমাজৰ সদস্যসকলে ৰূপকোঁৱৰৰ ' তোৰে মোৰে আলোকৰে যাত্ৰা' শীৰ্ষক গীতটি পৰিৱেশন কৰে ৷ পতাকা উত্তোলকসকলে চমু বক্তব্যও ৰাখে ৷ ইয়াৰ পিচতে শ্বহীদ তৰ্পন কৰে শ্বহীদ নৱ কুমাৰ ৰায়ৰ ভাতৃ বুদ্ধদেৱ ৰায়ে আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱালে ৷ ৰূপকোঁৱৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি নিজৰ চমু বক্তব্যত আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে অসমৰ সাংস্কৃতিক জগতৰ এগৰাকী পুৰোধা ব্যক্তি ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু তিথিত আয়োজন কৰা এনে স্মৃতিচাৰণ অনুষ্ঠানে অসমীয়া মানুহৰ মনত জাতীয় কৃষ্টি ,সংস্কৃতিৰ প্ৰতি অধিক সচেতন কৰি তুলিব আৰু এইদৰে আমাৰ নিজৰ কৃষ্টি - সংস্কৃতিক আগুৱাই নিবলৈ আমাৰ উঠি অহা প্ৰজন্মক অধিক অনুপ্ৰেৰণা যোগাব ৷ তেওঁ লগতে বিষ্ণু-জ্যোতি- ভূপেন এই ত্ৰিমূৰ্তি নোহোৱাহেতেন অসমৰ কলা ,সংস্কৃতিৰ জগতখনে পৰিপূৰ্ণতা নাপালেহেতেন বুলিও কয় ৷ শিল্পী দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন খেল- ধেমালি ,
চিত্ৰাংকন , জ্যোতি সংগীত আদি প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ সন্ধিয়া বঁটা বিতৰণী অনুষ্ঠান আৰু  স্থানীয় শিল্পী সমাজৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ৷ ইপিনে শিল্পী সমাজৰ সাধাৰণ সম্পাদক মনোৰঞ্জন বৰ্মনে কয় যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাকে ধৰি যিসকল মহান ব্যক্তিয়ে অসমীয়া সাহিত্য-কৃষ্টি- সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ গৈছে তেওঁলোকক আমি কেতিয়াও পাহৰি যাব নালাগে ৷ বৰং আমি তেওঁলোকৰ কৃষ্টি - সংস্কৃতিসমূহক কেনেকৈ জীয়াই ৰাখিব পাৰো তাৰহে প্ৰয়াস কৰিব লাগে ৷ সেয়ে আমি বহল ভিত্তিত নহলেও অনুষ্টুপীয়াকৈ হলেও শিল্পী দিৱস উদযাপন কৰিছো ৷ উল্লেখ্য যে জ্যোতি সংঘ আৰু সমূহীয়া কেন্দ্ৰৰ সৌজন্যত বিগত ১৯৮২ চনৰ পৰাই শিল্পী দিৱস উদযাপন কৰি অহা হৈছে ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা