এ. পি. জে. আব্দুল কালাম বিদ্যাপীঠত বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হয় দশম শ্ৰেণীৰ বিদায়ী সভা

সোমবাৰে মৰিগাঁও জিলাৰ মৈৰাবাৰী এ.পি.জে.আব্দুল কালাম বিদ্যাপীঠত দুদিনীয়া কাৰ্যসূচীৰে দশম শ্ৰেণীৰ বিদায়ী সভা অনুষ্ঠিত হয় । উক্ত সভাত সভাপতিত্ব কৰে বিদ্যাপীঠৰ প্ৰধান শিক্ষক সৰ্বানন্দ বৰাই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়ৰ সহ শিক্ষক আমিনা খাতুন ।মূখ্য অতিথি হিচাপে উপস্থিত থাকে মৈৰাবাৰী কলেজৰ অৱসৰ প্ৰাপ্ত প্ৰবক্তা দীনেশ চন্দ্ৰ নাথ আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে মৈৰাবাৰী হাই স্কুলৰ অৱসৰ প্রাপ্ত শিক্ষক কমৰুল ইছলাম, বৰথল দলৈগাও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অবসৰ প্ৰাপ্ত শিক্ষক আব্দুল লতিফ, অৱসৰ প্ৰাপ্ত শিক্ষক ছামচুল হক, মৈৰাবাৰীৰ যুৱ সাংবাদিক ফাৰুক আহমেদ, নুৰুল হুদা আৰু কুতুব উদ্দিন । উও সভা পৰিচালনা কৰে বিদাপীঠৰ পৰিচালনা সমিতিৰ সভাপতি আশ্ৰাদুল ইছলামে । বিদায় সভাৰ লগত সংগতি ৰাখি ছাত্র ছাত্ৰী মাজত  নৃত্য, গীত,আদি অনুষ্ঠিত কৰা হয় । সভাত  অৱসৰ প্ৰাপ্ত প্ৰৱক্তা দিনেশ চন্দ্ৰ নাথ ছাত্র ছাত্ৰীক অধিক উৎসাহৰে আগুৱাই যাবলৈ আহ্বান জনায় । বিদায়ী ছাত্ৰীয়ে বিদায়ী ভাষন দি আবেগ বিহ্বল হৈ উচুপি উঠে সভাকক্ষতে।মৈৰাবাৰীৰ পৰা মোস্তুফা জামানৰ ৰিপ'ৰ্ট

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা