ৰঙিয়া মহাবিদ্যালয় ইণ্ডোৰ ষ্টেডিয়ামত নাচেন্ট বেডমিণ্টন একাডেমী

শিক্ষাৰ্থী সকলক সাক্ষাৎ সাংসদ ভুৱনেশ্বৰ কলিতাৰ

প্ৰতিবেদক, ৰঙিয়া, ৪ জানুৱাৰীঃ কামৰূপ জিলাৰ অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান ৰঙিয়া মহাবিদ্যালয়ৰ ইণ্ডোৰ ষ্টেডিয়ামত ৰঙিয়াৰ নাচেন্ট বেডমিণ্টন একাডেমীৰ দ্বাৰা নৱপ্ৰজন্মৰ মাজত বেডমিণ্টন খেলৰ প্ৰতি আগ্ৰহ আৰু কৌশল আয়ত্ব কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সদ্য প্ৰতিষ্ঠিত একাডেমীৰ শিক্ষাৰ্থী সকলৰ মাজত আজি উপস্থিত হৈ ৰাজ্য সভাৰ সাংসদ ভুবনেশ্বৰ কলিতাই পৰিদৰ্শন কৰি এক শুভেচ্ছা মূলক বক্তব্য আগবঢ়াই।আনহাতে ন-শিকাৰু সকলে সাংসদ কলিতাৰ  লগত মত বিনিময় কৰাৰ সুযোগ পোৱাত তেওঁলোক উৎফুল্লিত হৈ পৰে। ইতিমধ্যে নাচেন্ট বেডমিণ্টন একাডেমী তৰফৰ পৰা উদ্যোক্তা সমিতিয়ে সাংসদ ভুৱনেশ্বৰ কলিতাক নৱ বৰ্ষৰ শুভেচ্ছাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে। 
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা